পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
অসমীয়া সাহিত্যৰ চানেকি।

গৰুড়ে হেতি সখি কৰি, সাপোৰ ভয়ত মৰু দাউৰী,
গয়াত পিণ্ড দান কৰি নৰকোত পিতা।
গ্ৰহ যাগোৰ কি এই গুণ, দিগুণ হল গ্ৰহ বৈগুণ,
এত দুঃখ মোৰ ভালে লেখিছিল বিধাতা॥
হৰি ভজি অধোগতি দান কোল্লি হৱে দুৰ্গতি,
ঘিঁউ খাই নৰ হৱে অন্ধ।
ফাশিত মৰি স্বৰ্গবাস, কাশীত মৰি নৰকোত বাস,
কতো দেখা নাই দীনবন্ধো॥
শ্ৰীৰাধিকাৰ কথা শুনি, চিন্তামণি মনে গুণি,
বোলে শুনা প্ৰিয়া মোৰ বাণী।
যি নিচিনে এই গোকুলে, সেই বাদুৱানী বোলে,
ব্ৰহ্মাৰ আৰাধ্যা তুমি ধনী॥
তুমি লক্ষ্মী সৰস্বতী, সাবিত্ৰী শিবাণী সতী,
ভাগিৰথী এই ভুমণ্ডলে।
চিন্‌বা নৰি যত কানী, তোমাক দেখে চিৰাকানি,
দধি বেচা গোৱালিনী বোলে॥

যেনায়—

কানাৰ হাতোতে মানিক দিলি নাহাঁহে নামাতে।
মহামান্যা তুলসীৰ মূৰোত কুকুৰ গিলাকে মুতে॥
বান্দাৰোৰ গলোত সণাৰ মালা দিলি ফেলৈ চিঙি।
শিশু পালি শালগ্ৰাম তেতিয়াই ফেলৈ ভাঙ্গি॥
তেনাই হইছি প্ৰিয়ে এ গোকুল গ্ৰাম।
বান্দাৰে জানে কি নাৰিকেলোৰ মুলাম॥
যিকি নুবুলাক দুইদিন মান সৈ থাকা সোহাগী।
ই বদনাম গুচাম মই কালি পোহিক লাগি॥
এই বোলি নন্দসুত নন্দপুৰে গেলা।
আই মোৰ কিবা হল বুলি ঢলিয়া পড়িলা॥
মুখে গবৃ অলাল, চখু দুটী গেল উলটী।
নীল ৰতনোৰ দেহা ধূলায় লটী পটী॥