পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৬ অসমীয়া সাহিত্যৰ চানেকি। সেই দেশৰ নাম কামৰূপ। কামৰূপ বহু মূলীয়া হোৱাৰ আদি কাৰণ ইয়াৰ জন শক্তি কামৰূপত কাম মাতৃক। প্ৰকৃতি কামনা অনুসাৰে ৰূপ ধৰিনী শক্তি কামাখ্যা দেব। সত্ত্ব, ৰজ, তম, ত্ৰিকোন বেষ্টিত কাম বিন্দু। যি দৰে কামনা কৰো, সেই দৰেই ৰূপ হয়। প্ৰকৃতি দৰ্শক পণ্ডিত বিলকে শিলে পাতে প্ৰকৃতিৰ মূৰতি, মনোমোহিণী মহামাযাৰ শোভা দেখি বিমোহিত হয। অচৈতন্য হয, নিজব শক্তিক প্ৰকৃতিৰ পূজাত নিয়োজিত কৰে। কামৰূপৰ ভিতৰত, ব্ৰহ্মপুত্ৰৰ মধ্যদেশৰ কঙ্কাল দেশৰ ওচৰত প্ৰকজ্যোতিপুব। পশ্চিমে নিকোন নীলাচলৰ ওপৰত মনোহৰ গুহৰ ভিতৰত লক্ষী সৰস্বতী বেষ্টিত, ভগৱতী প্ৰকৃতি দেবী ভাগ্যবতী নহলে জগত প্ৰসৱ নহয়। কামৰ উদয নহয। চৈতন্য চেতণ নহয়। শক্তিইহে শক্তিৰ মহিমা বুজে। নিশক্তিযেই শক্তিৰ মহিমা নুবুজি শক্তিকো নাই বলে। ধনৱন্তই হে ধনৰ মহিমা বুজি আদিৰ কৰে। আকে। যি ধনক আদৰ কৰে, তাৰেই হে ধন হয়। সেই দৰে যি শক্তিক মানে সেয়েহে শাক্ত। শাক্তৰ ওচৰতহে শক্তি বৰ্তমান। মেনে আহাৰ তেনে শক্তি। যেনে পূজা বলি, স্তৱ, তেনে শক্তি দেবীৰ আবিৰ্ভাব। পূজা, বলি, স্তৱৰ হাসেই দেৱ দেৱীৰ তিৰৰভাব। তেজেদি পূজা কৰা, শৰীৰৰ সাৰ বস্তুই দি পূজা কৰা, সাৰ বস্তুক পাবা। তোমাৰ তেজ হব। এতেকে বলি দান, ৰুধিৰ দান। কাম | মাতবী কাম কৰিব লগীয়া কমি, পাচ পৰি থাকিলে তাক কৰা টান। পাচ কৰা কাম মৰা। মৰাক লাৰিবলৈ বেয়া লাগে। বহুত গত দুখ দিলেহে কৰিব পাৰি। বহুত গত দুখ সহিলেহে মৰাক জগাব পাৰি। কাম শ্ৰম কৰি কৰিলে যদি সিদ্ধি হয়, তেন্তে মৰাক জীযা কৰা টান নহয়। সাধিলেই সিদ্ধি হয়। মৰ মৰিল বুলি ভাবিলেই মৰিল। জীৱাবলৈ মন কৰি সাধন কৰিলেই জীয়ে। মনেই, ইচ্ছাই সকলোৰে মূলাধাৰ। ইচ্ছা হলে কৰিব নোৱাৰা কাম কি আছে? কৰিবলৈ এৰি কামক যিমান পাচ পেলাই থবা, নকৰিবা, তিমান কাম মৰিব। তোমাৰ কামক যদি তুমি মাৰিলা, তেন্তে কামৰ লগতে তুমিও মৰিলা, জানিবা। কামেইহে মানুহক জীৱাই ৰাখে। কৰ্ম্ম ত্যাগ কৰিলে সংসাৰ ত্যাগ কৰা যেন হয়।