পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাম। ২৫৭ নিত্য কৰ্ম্ম নিতে কৰিব লাগে। পাচ পৰা কাম কৰিবলৈ গলেই বলক ক্ষয় কৰিব লাগে। বৰকৈ ৰাতিয়ে দিনে খাটিব লাগে। পচি পৰা কামে মনক অসুখ দিয়ে। কেতিয়া কৰিম কেতিয়া পাৰিম বুলি মনত পৰি থাকে। কৰি তুলি এটালেহে মনত ভাল লাগে। পাচ পৰা কামে মনক সদায পচিলৈ টানে। আগ বাঢ়িব। নিদিযে। চকু পিচলৈহে হয। আগলৈ নহয। মনক বন্ধি ৰাখে। মুক্তি কৰি নিদিয়ে। কৰ্ম্ম কবাই মুক্তি, নকবাই বন্ধন। নিতৰ কম্ম নিতেই কৰাই নিত্য মুক্তি, যি মানুহে নিত্যৰ কৰিব লগীয়া কাম নকৰে মানে নেৰে তাৰ মুক্তি হাতে। বন্ধনক বোৱাইহে মুক্তি, যাৰ বন্ধন নাই, কম্ম নাই, তাৰ মুক্তিও নাই। মুক্তি কিহৰ পৰা? বন্ধনব পৰা। কষ্মেই হে মানুহক বান্ধে। কৰ্ম্ম নকৰি কৰ্ম্ম এবোৰা নয়। বন্ধাত পবা হে। কম্ম কবি, কৰ্তব্য কৰ্ম্ম কৰি হে, কম্মক এবা, বন্ধক এৰোৱা, মুক্তি পদ লভ। যি কাম কৰিব নোৱাৰা তাক কৰিম বুলি সকা নকৰিবা। সকল কৰিলেই কম্মত বন্ধন হলা। কয় নকবা মানে তোমাৰ নিৰি নাই। কৰিব লগীয়া কথা নাপালাৰ বাবে পাপে পশিব। তোমাৰ পাপ বোধ হলে নিস্থাৰ আছে, নহলে পাপে তোমাক খাব। তুমি মানুহ নাথাকিব। পচা কাঠৰ দৰে কামত নলগ! হব, কামিলা হব। কৰিব পৰাব হে কম। কৰিব নোৱাৰাব কাম নাই, কামকে বিচাৰি নাপাই। সি কৰিব পাৰে তাৰ কামৰ অন্তই নাই। কমেই লক্ষী। অনন্ত কাম, অনন্ত লমী। | যি মানুহে কামক কম বুনি জ্ঞান নকৰে, তাৰ মানত ধন আৰু দিন মিছা। ধন আৰু দনক হেলাতে হেৰুৱাই। নিজৰ কৰিব লগীয়া কাম কৰিবলৈ এবি পৰৰ কাম কৰিবলৈ যোৱা, নিজৰ ধন এৰি পৰৰ ধন বিচাৰাই সৈতে সমান, বা নিজক মাৰি পৰক জীৱাবলৈ যোৱাৰ দৰে। কস্ত কৰিবলৈ সহজ উপায় বিচৰাই বুদ্ধিমন্তব কৰ্ম্ম। হোলো নাও এখন বাই নিযাত বহু মানুহ লাগে। বহু মানুহৰ বল ক্ষয় কৰিব লাগে। জাহাজ এখন বহি থাকি ও বুদ্ধিৰে চলাইছে। ডাঙ্গৰ নাও চলাবলৈ টান বুলি বহি থকা নাই। কোনো কমে চলাইছেহে। কৰ্ম্মক হেচিব দিয়া নাই। কৰ্ম্মকহে হেচিছে। আমি দুৰ্বল, আমাক কৰ্ম্মেও হেছে, তাইনেতো হেছেই, সেই দেখি আমাৰ এনে দশা। আমাৰ নিজৰ কৰ্ম্মেইহে আমাৰ পাপ পুণ্যৰ গৰাকী। যেনে কৰ্ম্ম তেনে ফল। জ্ঞান গুৰুৰ শৰণ লৈ কৰ্ম্ম কৰিলে একো পাপে নধৰে। পাপ প্ৰেতে চুব নোৱাৰে। আনন্দ স্বৰূপ পৰম ব্ৰহ্মকহে লাভ হয়।