পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৮ অসমীয়া সাহিত্যৰ চানেকি। বুজ পাই, লগুণ গুচাবৰ নিমিত্তে এই বাজাই লেকাই চেটীয়াক আজ্ঞা দিলে। লেকাইয়ে আঠ ঘৰ এৰি বাকি সকলোবোৰৰ ল গুণ গুচালে। পাছে সেই আঠ ঘৰক তেনে বামন বুলি জানিবৰ নিমিত্তে সিহঁতৰ নামৰ অন্তত ‘আল” লগাই চিন ৰাখিলে; যেনে পিঠিয়াল, ঘড়িয়াল ইত্যাদি। এইবাবে এতিয়ালৈকে মানুহে কয় বোলে “লগুণৰ গুৰি লেকাই চেটীয়া।" দেশত ক্ৰমে নানা উৎপাত আৰু অমঙ্গল হবলৈ ধৰাত বুদ্ধিস্বৰ্গ ৰাজাই দেৱৰ গাঁৱৰ দেৱালয়লৈ মানুহ পঠাই তেওৰ আয়ুসৰ বাতবি জানিবলৈ দিলে। সেই মানুহটোক নিশা সপোন ৩ কলে যে দেৱালয়ৰ ফুনি বাড়তি নাহৰ ফুল এটা পাবা, সেই ফুলটো ৰজাক দিলে ৰাজাই পায়ুসৰ কথা জানিব পাৰিব। ৰাতিপুৱা ফুলনি বাড়তি সেই মানুহটোৱে অকালত ফুলি থকা তিনিপী। নাহৰ ফুল এপাহ পালে। সি সেই ফুল পাহ আনি বাজকি দিলেহি। ৰজাই ফুল দেখি তিনি পখ মাগোন জীয়াই থাকিম জানি সকলো প্ৰজাক চাই লবৰ মন কৰিলে। এই হেতুকে তেওঁ চৰানাওত উঠি দিখৌৰে গড়গাঁৱৰ পৰা সোণাৰী নৈব বহাৰ পৰ্য্যন্ত অহাযোৱা কৰি দুই পাৰে গোটখোৱা লৰা বুঢ়া সকলো প্ৰজাক চাই কলে, “মোৰ আয়ুস সমাপত হৈছেহি; তোমালকক প্ৰতিপালন কবোতে বহুতে সুখো পাইছা আৰু বহুতে দুখে পাইছা; কিন্তু এতিয়া সেই বোৰ কথা একে। মনত নেৰাখি তোমালোক সকলোৱে ক্ষমা কৰি উদাৰভাৱে মোক বিদাই দিব লাগে।' এনে বোলাত সকলো প্ৰজাই হৰিধ্বনি কৰি কলে যে “স্বৰ্গদেৱৰ অৰ্থে কেঁচাই খাতি আইক আমি এশ নৰবলী দিম। স্বৰ্গদেৱ চিৰজাবীহৈ থাকোক। তাতে বাজাই কলে “ঈশ্বৰৰ প্ৰদত্ত নিয়ম কোনোমতে উলঙ্ঘন হব নোৱাৰে; নৰবলিয়েও মোৰ আয়ুস বঢ়াব নোৱাৰে। তোমালোকে মোক যে ইমান ভাল পোৱা মই এই কথা পূৰ্বে নাজানিছিলো। মোৰ এইয়ে শেষ বিদায়; মোৰ যেন সজ্ঞান মৃত্যু হয়, সকলোৱে অকপতে বাক্য বুলিবা।” এই বুলি নগৰলৈ গৈ সাত দিনৰ পাছত ১৫৬১ শকত (১৬৪৯ খৃঃ অঃ) আৰু ৯৭ বছৰ বয়সত মহাৰাজা স্বৰ্গী হল। ওপৰত লেখা সপোনৰ কথাটোৰ সত্যাসত্য মীমাংসা কৰা আমাৰ উদ্দেশ্য নহয়; অতএব যেনে শুনা আছে হুবহু তেনে লেখা হল। এও ৩৮ বৰ্ষ মাথোন ৰাজ্যভোগ কৰিলে। ইয়াৰ ভিতৰত তেওঁ আত্মসুখত বিস্মৃত নহৈ দেশৰ অনেক উন্নতি কৰি চিৰকালৰ নিমিত্তে সুকীৰ্ত্তি থৈ গৈছে। এওঁৰ পাচৰ মহাৰাজা সকল এওৰ নিচিনা হোৱা হলে; আমাৰ দেশৰ ইমান শোচনীয় অৱস্থা নহল হেতেন।