পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
অভিমনু বধ কাব্য।

কিন্তু হয় ভয় মোৰ অন্যায় সমৰ।"
সৌভদ্ৰেয় সম্বোধিয়া উত্তৰিলা বৃদ্ধে।
"বীৰবৰ নাই ভয় ইয়াত তোমাৰ,
অন্যায় বাটে খোজ ললে অচিৰে মৰিব
নিশ্চয় কৌৰব দল, ফান্দৰ হৰিণ
কৰিলে উজাৰ জানা লাগে বান্ধটান
এড়াবলৈ দূৰে থাক। পাণ্ডবৰ সিদ্ধি
ধৰাবন্ধা, যদি তৈতে কৌৰবে পেলায়।
আগৈযে অন্যায় বাট সিবাটে ইব।
অচিৰে পাপিষ্ঠ পাত বুলিলো তোমাক”
এই দৰে আশ্বাসিয়া ভীষ্মে শিৰোপৰি।
আশীৰ্ব্বাদ কৰি স্নেহে চাই তান পানে
মলঢিলা চকু পানী বহিছিলা যেন
ৰত্নময় দুই হাৰ নয়নৰ পৰা।
সেই সময়তে তাত গোবিন্দ সহিতে
মুনিন্দ্ৰ মানীন্দ্ৰ লোকে যোগীন্দ্ৰ তপস্বী
আহিলা নাৰদ হাতে বীনা যন্ত্ৰ লৈ
গাই মুখে সুললিত মাধবৰ গীত,
( আহা বীণা বাজনত হৰে প্ৰাণ সবে
যিতো জনে ভাগ্যবলে শুনিবাক পাৱে।)
দেখি আথবেথ হুই জাহ্নবী নন্দনে
দুজনাক প্ৰনামিয়া লৈলা পদৰজ,
কহিলা মধুৰ ভাষে চায় গোবিন্দক।
“প্ৰভু! ই দাসক আজি দিয়া দৰিশন
পবিত্ৰিলা জীৱ আত্মা, উদ্ধাৰ কৰিলা
ই পাপ কলুষ দেহ, পূৰ্ব্ব পুন্যফলে।
ক্ষমা কৰা জগন্নাথ বিষ্ণু অবতাৰ,
কৰিলো বহুত পাপ আবহ কালত,
মাৰিলো অসংখ্য শৰ গাওত তোমাৰ