পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি।

ভাই সম বন্ধু নাই জগত মাজাৰে
পুৰাণ বিচাৰি চোৱ। শাস্ত্ৰৰ সম্মত।
এতদৰ্থে নৰপতি বিচাৰ তৎপৰ
কৰাহা উচিত যেই মনত তোমাৰ।
এই বুলি প্ৰাজ্ঞ বুড়া চাষ মুখ পানে
ৰহিলাহা মনে মনে, নিৰোৰ্তৰ হুই
ৰোলাহা কৌৰব প্ৰভু। অনন্তৰে তালৈ
উদাস ভাবেৰে আহি পাৰ্থ উদাসীন,
পিতামহ পাদ পদ্ম ধৰি শোকে বীৰে
দণ্ডৰীয়া অষ্টাঙ্গতে, কৰি স্তব স্তুতি
কান্দিয়া তেওঁক কলে “আতা গুৰু দেউ
ধিক ধিক ক্ষত্ৰিযক। ধিক ধিক মোক
নৰাধম পাপী ময! যিতো মহাজনে
পুত্ৰ স্নেহ কৰি মোক কৰিলা ডাঙ্গৰ
হলা মোৰ দুঃখে দুঃখী সুখত সুখীয়া
দিছিল আশ্বাস বাৰি বিপদ সময
কৰিছিল পিতৃস্নেহ, যাক লৰা কালে।
হৰুৱালো ভাগ্য দোষে (তেওঁৰ বিৰহ
তোমাৰ কাৰণে, আতা, আমি নুভোগিলো )
হেন জনক, দুৰাচাৰী কি পাপে ৰণত
বধিলো পৰাণে ময়। ওহঃইঃ বিধাতা
ধিক মোৰ গৰ্ব্ভধাত্ৰী ধৰে হেন পোক
দশ মাস উদৰত! গুৰুক নাশিলো
ধিক মোৰ জয় নামে ইয়াৰ গৰবে
সাহসিলো তব লগে কৰিবলৈ ৰণ।
আপ ময় দশদিন তোমাৰ লগত।
কৰিলো বিষম যুদ্ধ কিন্তু মৰমতে
পুত্ৰ স্নেহে বন্ধু তুমি নাশিবৰ মনে
নকৰিলা চোকা কাঁৰ, বাঘিনী যেহেন