পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
অভিমন্যু বধ কাব্য।

মানে যেন অহিৰাজে সাপৰিয়া মন্ত্ৰ,
অবজ্ঞা কৰিলা মোক, এতিয়া কি সোধা।
জানাহ আপুনি ভীম মহা পৰা ক্ৰমী,
বীৰকুল চুড়ামনি পাৰ্থ মহাৰথী,
আৰু যত বীৰগণে পাণ্ডব পক্ষত
ধৰে অস্ত্ৰ বীৰমদে ঘোৰ সমৰত,
বিশেষতে ৰূদ্ৰৰূপী আপুনি শ্ৰীহৰি
আছয় সহায় হুই পাণ্ডব পক্ষত,
তযুপক্ষে যমৰূপী, দলিবে সবাক;
তোৰ মোৰ সাধ্য কিবা জিনিবে তেওঁক;
যদি স্বয়ং শূলপাণি, অধিক কোনোবা
বীৰকুল চুড়ামণি পাৰ্ব্বতা সুতক
লগে কৰি আহিলেও ই ঘোৰ ৰণত
জিনিব কি পাণ্ডবক তুমি আমি কোন।
এতেকতে কও বাপু নৃপতি তিলক।
গান্ধাৰী নন্দন কৰা, বুঝিয়া, মিলন।
পাণ্ডু পুত্ৰ ভাই লগে; হুইব সিহঁত,
পালে স্বীয় ৰাজ্য অংশ তব অনুগত,
জিনিবাহা সুসহায়ে দিগবিজয় কৰি,
বিপদ গ্ৰাহৰ মুখে নেপেলাই ভৰি।
কেতিয়াও, মান্যবৰ, সপ্ত দ্বীপ আদি।
সহায়ে কল্পিত শত্ৰু পাণ্ডুৰ নন্দন।
তোৰ বৰ মিত্ৰ হুই লভায় জয়াশু
বঢ়াব তোমাৰ যশ, বঢ়াব অচিৰে
ৰাজ্যধন, মান, সেবা, নাম, যশ ৰাশি।
ইতোমূলোপায় বাছা শত্ৰুক জিনিব;
আৰু বিশেষত কওঁ ভাইক জিনিলে
বধিলে সুহৃদ ভাই ৰাজ্য ধন হেতু
কি পৌৰুষ পাবা তুমি? জানিব বিশেষ

২৯