পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯২ অসমীয়া সাহিত্যৰ চানেকি। বিলাকৰ কথা কৈ অনন্ত সাগৰত পৰিছে। পুণবাই আকে। দুইও প্ৰাকৃতিক গুণে। (ভাপবৃষ্টিৰূপে ) জন্ম পাইছে। কিমান দিন যে এইৰূপে যাব তা নিৰ্ণয় নাই। বঙ্গালী আৰু আমাৰ মাঝত পৰস্পৰ অমিল অসূয়া লক্ষ হয়; কিন্তু আমাৰ ৰজা (?) ব্ৰহ্মপুত্ৰ আৰু বঙ্গালীৰ গঙ্গা মাই এ দুইও সেইৰূপে সন্মিলিত হই আপোনাক আপুনি আনন্দত পাহৰি প্ৰকও বেগবতী মেঘনা নাম ধৰিছে আৰু বড় হস্যেৰে বঙ্গ সাগৰত পৰিছে। ইয়াৰ দ্বাৰাই আমি সজ উপদেশ গ্ৰহণ কৰিব পাৰো। এই এই উপদেশৰ সাৰ মৰ্ম্ম গ্ৰহণ কৰিলে হামাৰো সঙ্কীৰ্ণতা গুচিব আৰু মেঘনাৰ দবে আমিও প্ৰকাণ্ড হই অনন্ত উন্নতি সাগৰত পৰিব পাৰিম। প্ৰিয় পাঠক! এনে, সময়ত কেতিয়াবা হবৰ সম্ভব নে? | উত্তৰ আৰু দক্ষিণ শালৰ পৰ্বতৰ পৰা সৰু সৰু নদী ওলাই কোনো খান বা আনৰ লগত কোনো স্থানে বা তাকতেই লুইতত পড়িছে। এই দেশ প্ৰকৃতি বিতোপন ক্ৰীড়া ভূমি, অনেক প্ৰকাৰ প্ৰাকৃতিক সৌন্দৰ্য ইয়াত আছে। ব্ৰহ্মপুত্ৰৰ দাতিব পৰা উত্তৰ ফালে চালে হিমালয় পৰ্বত শ্ৰেণীব বফে ঢাকি গক। ওখ ওখ টিবোৰ দেখি। এনে অনুমান হয় যেন ঋযিসকলে মূৰত বগা টুপি একোট। পিন্ধি (বা বগা শুকুলা চুলি মেলি, ) সূৰ্য্যৰ ফাললৈ চাই তপস্যা কৰিছে। আৰু ভাৰতৰ (বিশেষকৈ আসামব) বৰ্তমান হীন অৱস্থা মোচনৰ নিমিত্তে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। ইয়াত নিৰ্জনে তপস্যা কধিবলৈ অনেক স্থান আছে। সেই সকল স্থানত বহি প্ৰকৃতিৰ অনুপম শোভা চায় প্ৰকৃতিৰ অধিপতিৰ অশেষ সৌন্দৰ্য চিন্তা কৰিবলৈ অনেক উত্তম সোহোগ। সেই কাৰণেই পূৰ্বত আষ্য সন্তান সকলে ইয়ালৈ আহি অনেক ঠাইত তপস্যা কৰিছিল। সেই কাৰনেই এই দেশত অনেক ঋষিমুনিৰ আশ্ৰম। সেই কাৰনেই ইয়াত অনেক তীৰ্থস্থান, এই দেশ অতিশয় দুৰ্গমে যে নাছিল এনে নহয়। মগধ দেশৰ বিখ্যাত ৰজা জৰাসন্ধই তেওঁ ৰাজ্য কাঢ়ি লোৱা অনেক ৰজাক এই দেশৰ সৌমাৰ খণ্ডত বন্দিকৈ থইছিল। শ্ৰীকৃষ্ণৰ কৌশলত ভীমে জৰাসন্ধ বধ কৰি সেই সকলক মুক্ত কৰিলে।এই দেশ অসুৰ বা ৰাক্ষস অৰ্থাৎ অনাৰ্স জাতিৰ বসতি স্থান আছিল। ই বানাসুৰ, নৰকাসুৰ, হিড়ম্বা, বজ্ৰবাহন প্ৰভৃতি অসুৰ বা অনাৰ্য ৰজাৰ দেশ। ক্ৰমে আৰ্যস্ৰোত ভাৰতবৰ্ষত প্ৰবাহিত হলত এই দেশতো আৰ্য সন্তানে বসতি কৰিলৈ ধৰিলে, আৰ্য্যধৰ্ম্ম প্ৰচলিত হল। সেই অসুৰ সন্তান সকলৰ অনেকে আৰ্য ধৰ্ম গ্ৰহণ কৰি, আৰ্য সন্তান লগত মিহলি হল। অৱশিষ্ট অনেক এতিয়াও অনাৰ্য ভাবেই আছে। গাড়ো,