আৰু আঁউহী একাদশী হলে দুকঠা আৰৈ চাউলৰ কেঁচা পিঠা-গুৰি, আৰু তাৰে জোখাই গুড় গাখীৰ আৰু কলাত বাজে আন একো নলয়। গোঁসাইদেউ “বাকসিধ,” যি বোলে সেয়ে হয়। এবেলি এজন ভকতে কিবা দাই কৰাত, “হতশ্ৰীহো” বুলি তাক শাও দিছিল, গোসাইদেউৰ সেই “বৰ্জ বাইক’ পৰিবৰ পৰা ভকত জনে ডেৰকুৰি বছৰ মাথোন টানিলে। গোসাইদেউ ধৰ্ম্ম শাস্ত্ৰত বৃহস্পতি, ঘোষা-ৰত্নাৱলীত যিবিলাক টান কথা আছে, মুহৰ্ত্ততে সেইবিলাকৰ সংশয় ছেদ কৰিদিয়ে। এবেলি এজন পৰমাৰ্থ-বস্তুলৈ আশা-কৰা ভকতে কুৰাল-গুৰি-সত্ৰৰ নাম-ঘৰত ভাগতী বাপুৱে কৃষ্ণৰ লীলা কথন কৰোঁতে ভকতসকলক প্ৰেমত বাউল হৈ বাগৰি ফুৰা দেখি তেৱোঁ দুবাৰ-মনি মাটিত লেটি ললে; পাছে নামঘৰলৈ পিঠি দিলতে কৃষ্ণৰ চৰিত্ৰ সকলো-খিনি গাৰ ঘামে সৈতে মনৰ পৰা মাৰ গল, কেৱল “বৃন্দা বিপিনে” এই দুটি কথা মাপোন কথমপি মনৰ এচুকত লাগি ৰল। কিন্তু সেই বাক্য-ফেৰিৰ ভাৱাৰ্থত অলপ সংশয় হোৱাত তেওঁ গোঁসাই-ঈশ্বৰৰ গুৰিলৈ গৈ সেৱা কৰি মাত লগালে “প্ৰভু ইস্পৰ” বিৰিন্দা বুলিলে, জানিবা বিৰিণা বনকে বুজায়, তাক সদায়ে দেখিয়েই আছোহঁক এতিয়া বিপিনা বুলিনো কি?” তাতে গোঁসাই-দেউৱে গম্ভীৰ ভাৱেৰে উত্তৰ দি বুলিলে, “আতৈ ৰাম সজ সোধা গৈছে, “বিপিনা” বুলি বিৰিণাৰ কোমল কেওঁখিনি, ই বৰ গূঢ়াৰ্থ সকলোৱে তাৰ সম্ভেদ নেপায়।” আমাৰ “প্ৰভু ইস্পৰে” বিদ্যাৰ কিমানলৈ ভেদিছে, এয়ে তাৰ চিন।
ভকতসকলে আগৰেপৰা চলি অহা সদাচাৰত প্ৰবৰ্ত্তে নে, তাৰপৰা ইফাল-সিফাল হয়, নাম প্ৰসঙ্গতকৈও আমাৰ গোঁসাইদেউৱে তালৈ অধিক চকু দিয়ে; কিয়নো তাৰপৰা অকল ভকতসকলৰ তৰিবৰ উপায় হয়, এনে নহয়; তেওঁবিলাকক সত্ৰৰ নীতি-নিৰ্বন্ধৰপৰা লৰচৰ হোৱা ধৰিব পাৰিলে ৺থানৰ এফেৰি লাভ আছে। আন নহলে তেও শলা-বন্তিৰ ধন ফেৰি ওলায়। এবেলি এজন ভকতে ফুৰা গাৰে গুৱা-ভোজন কৰাৰ কথা আন আন ভকতসকলে কোৱাকুই কৰাত সেই কথা গোঁসাই দেউৰ কানত পৰিল, তাতে ভকত জনৰ জীৱটিৰ অসদ্গতি হয় বুলি বৰ ভাবিত হৈ কেৱলীয়া ভকতসকলক চপাই গোঁসাই ঈশ্বৰে মহা সোধ পাতিলে; সোধত পদপ্ৰমাণেৰে সেই কথা সঁচা নোহোৱাতো আতৈজনৰ জীৱৰ কল্যাণৰ আৰু অপবাদৰ পৰা গাটি শুচি কৰিবৰ কাৰণে ৺থানলৈ কুৰি টকি ৰূপৰ বাব দিবৰ আজ্ঞা হল; আৰু তেওঁ তাকে নিদিলে মানে তেওঁক পাচলৈ হাত কৰি বান্ধি বেলি মুৱাকৈ পেলাই থোৱা হৈছিল। এইৰূপে আমাৰ প্ৰভু ঈশ্বৰে কত ভকতৰ গা শুচি কৰিছে,