হেমচন্দ্ৰ বল। কোৱা ভাতুৰী। কোৰখনিয়া সত্ৰৰ গোবদ্ধনদেউ অতি পৰম বৈষ্ণৱ, কংশ ৰজাৰ চন্দন-যোগাতী কুঁজী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনৰ পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ অতাৰ পৰিনাতি। ঘোষা, কীৰ্ত্তন, ৰত্নাৱলী, এই তিন খানি শাস্ত্ৰ প্ৰভুৰ ওষ্ঠাগ; ইয়াত বাজে গুণমালা, ভটিমা, চপ, তেটিয়, এই বিলাক মুখে আখৈ ফুটাৰ দৰে ফুটে। বৰগীতত গোসাই দেউ এনেহে পাৰ্গত যে, তেওঁ পুৱতী। নিশা গীত ধৰিলে। ওচৰৰ গছবিলাকেও পাতলৰোৱাৰ চলেৰে তাল ধৰে, আৰু কুকুব শিয়ালেও প্ৰেমত বাউল হৈ বাগ দিযে। গোসাই ঈশ্বৰৰ উপৰি পুৰুষ সকল তিৰী-লগীয়া আছিল, কিন্তু গোসাই দেউৱে মধপুৰ থানৰ ধূলা-মালা লৈ নিৰ্ম্মল উদাসীন ধম্মত আশ্ৰয় কৰিছে, তিৰীজাতিৰ মুখকে নোয; অন কি! তিৰীলগীযা ভকতে অনা জলকে। গ্ৰহণ নকৰে। প্ৰভুৰ উপৰি পুৰুষ সকলৰ বৰ মহিয়া আছিল , তেওঁবিলাকৰ এজনৰ মহিমা দেখি কালশিলা নৈযে মানুহৰ ৰূপ ধৰি শৰণ ভজন লৈ কৰৰ বাবে বছৰি পাট বুৰি কলিটাপৰ কনী যোগাই আছিল। আমাৰ গোঁসাই-দেউৰে। মহিমা কম নহয, এতিয়া কলিৰ কাল বুলিও কিকিন্ধ্যাৰ বান্দৰৰ ৰজাৰ কোৱৰ এজনাই গোঁসাই দেউৰ ঠাইত মালা মন্ত্ৰ লৈ বছেৰেকত তিনটা লঙ্কাৰ কণমৌ-কৰ দিয়ে। গোসাই-দেউ “মহাপুৰুষগুৰুৰ শুধ” সত পথৰপৰা একালো লৰ-চৰ নহয়, “অন্য দেৱী দেউৰ নাম মুখেৰে লোৱ। থাকোক, কাণেৰে শুনিলেও কাণত সোপা দিযে, “অইন দেৱী দেউৰ" নামেৰে মানুহৰ নাম থাকিলে তাক সলাই “কালিৰামক” “মহিৰাম” “দুৰ্গাৰামক ‘দহ হতীযাৰাম, “শিৱনাথক” “জটীয়ানাথ বুলিহে মাতে। প্ৰভুৱে তিনট। প্ৰসঙ্গ নকৰাকৈ পানী এটোপাকে। ভোজন নকৰে,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮১
অৱয়ব