১৫৮ অসমীয়া সাহিত্যৰ চানেকি। জেনেকৈ আমি আমাৰ পিতা মাতাৰ পৰা হোঅ ভাই ককাই. বিলাকক মৰম চেনেহ কৰোঁহক, আৰু সিবিলাক দুখত পবিলে অনেক কষ্টৰ দোঅৰিাইও সিবিলাকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ জতন কবোঁক, তদ্ৰুপ অমাব পৰমপিতাৰ সমন্ধেৰে হোত ভাই ককাইবিলাকৰ উপকাৰ কৰিবলৈ চেষ্টা কৰা কৰ্তব্য। এইৰূপে আমি জি উপকাৰ কৰোহক, সি আমালৈ সাঁচি থোকা হই, কিন্তু তাকে নকৰি, লোকৰ চাপকাৰ কৰিলে আমি আমাৰ সৰ্ব পিতাৰ কোপত পৰিমহঁক। পোনে পোনে চালে আমি জানো, জে কোনো মানুহৰ দুখ গুচাই সুখ দিব পাৰিলেই তাব উপকাৰ কৰা হই, ফলতঃ তেনে কথাৰ পৰা কেতিয়াবা কেতিয়াবা উপকাৰ নহৈ, বৰং অপকাৰহে হই। মানুহৰ স্ব স্ব অভিলাসৰ দৰে অনেক সময় অনেক প্ৰয়োজন হই, সেই সেই সময়ত তক আপোনাৰ অভিলাস সিধিৰ উপাই কবি দিলেই সি উপকাৰ মানে। জি মানুহৰ বিদ্যা শিকিবলৈ মন আছে, তক বিদ্যাৰ বিসয়ত কোনো উপদেস দিলে সি জেনে উপকাৰ মানিব, লুভিয়া বা লুম্পত মানুহক তাৰ সেই কুচিত অভিলাস সিধিৰ উপাই কৰি দিলে, সিও তেনে উপকাৰ মানিব; কিন্তু এনে অসত প্ৰয়োজন সাধন কবি দিলে লোকৰ উপকাৰ হোআ থাকোক অপকাৰহে হই। অনেক মপি মানুহে ধন নোহোআত সুৰা পান কৰিবলৈ নেপাই অনেক কস্ট পাই। আৰু অনেক অনেক মানুহে পৰতিৰি গমন কৰিবলৈ নেপাই, মনত অনেক দুখ পাই; তানেক খঙ্গাল মানুহে বৈৰ নিৰ্যাতন কৰিবলৈ নেপালে সামান্য কষ্ট নেপাই, কাৰণ কোনো কোনো খঙ্গাল মানুহে খঙ্গৰ প্ৰতিকাৰ কৰিবলৈ নেপাই, আপোনাৰ জিৱনকে বিসৰ্জন কৰিবলৈ উদ্যোগ কৰে। আৰু অনেক লুভিয়া বা দুষ্ট মানুহে আপোনাৰ অভিলাস সিধি কৰিব নোআৰি, অসেস ক্লেস বোধ কৰে। কিন্তু সেই বিলাক দুৰাচাৰ মানুহৰ সেই সেই বিলাক কষ্ট দেখি, কোনো উপায়েৰে সিহঁতৰ উপকাৰ নহৈ অনেক অপকাৰহে হই। বেচকৈ জনা গৈচে, জে কেৱল দুখ গুচাই সুখ দিলেই লোকৰ উপকাৰ কৰা নহই, আৰু কেতিয়াবা প্ৰয়োজন বিসেসত কিঞ্চিত দুখ দিলেও উপকাৰ কৰা হই। কুকৰ্মকাৰি মানুহ বিলাকক দণ্ড কৰিলে তেতিয়া সিহঁতে তাক অপকাৰ জেন ভাবিব পাৰে হই, কিন্তু সেই দণ্ডতেই সিহঁতৰ মহা উপকাৰ হই, তাত সংসই নাই; ইয়াক সকলোৱে জানে, জে দুৰাচাৰ মানুহবিলাকে আপোনাৰ কুকৰ্মৰ নিমিতে জিমান দণ্ড পাই, সিহঁতৰ দুষ্পবৃতিবিলাক তিমান দুৰ হই। বেজে যেতিয়া কোনো গিয়া মানুহৰ ৰোগ গুচাবৰ নিমিতে জল। তিতা দৰব খুআই, নাই বা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৮
অৱয়ব