পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫২ অসমীয়া সাহিত্যৰ চানেকি। বঙ্গলি ভাসাব জি জি অংস মিল জেন দে যা জাই, সেই সকলোয়েই প্ৰাই সংস্কৃত। | এই সংস্কৃত ভাসা অচমিয়া ভাসাৰ লগত জিৰুপে মিহলি হৈ আচে, সেই ৰুপে সি অসংখ্য ভাসাক সাহাজ্য কৰি আটাইতে মিহলি হৈ আচে। ৰজাই ইচা। কৰিলে আপোন দেসৰ ভিতৰত জি ভাষাকে চলাব খোজে, তাকেই চলাব পাৰে; কিন্তু ভাসাৰ মিল অমিল বুজিব লাগিলে দেসৰ সৰ্বসাধাৰন প্ৰজাৰ মাজত কি ভাস। চলি আছে, তালৈ লক্ষ কৰিব লাগে। গাৱলিয়া চহকি মানুহৰ সংখ্যা। কিমান আৰু নগৰত বাস কৰা নগৰয়া লোক সংখ্যা কিমান, তাক বুজিবলৈ গলে, গাৱলিয়াৰ সংখ্যাকেই অধিক দোআ জাব। বঙ্গাল দেসৰ গাৱলিয়া চা বঙ্গাল এজনে সৈতে আমাৰ অচমিয়া গাৱলিয়া চহ। এজনক লগলগাই দি সিহঁতৰ এল, উলা, একাভকা, মাতেৰে দেসব বিতি, নিতি বেৱহাৰৰ কথা বাত্ৰা সোধা সুধি কৰা সময়ত ওচৰত থিয় দি কান কৰিলেই ভাসাৰ প্ৰভেদ উতমে বুঝিব পৰা হব। বঙ্গাল দেসত বঙ্গালি ভাসা চলি থকাৰ কাৰন কোনো পুথি পাজি নাইবা গোচৰ হাবিব দৰখাস্ত জবাব অনি এটাই পৰ্হিলেও চহা চহকি এ খপিয়াই জপিয়াই আচল মোটামুটি কথাৰ ভাৰ বুজিব পাৰে; কিন্তু আচাম দেসত অচমিয়া ভাসানচলাৰ কাৰনে চহা চহকিৰ মহা প্ৰমাদ। বঙ্গালি পুথি এখনৰ ভাব জানিবলৈ ইচাহলে, আধা খৰচিয়াকৈ বঙ্গালি ভাসা জনা পণ্ডিত মহাসই সকলে অনুগ্ৰহ কৰি জি বুজাই, সেয়েই। গোচৰহাৰি লাগিলেও উকিলমে চাই সকলে আমোলামোচাই সকলে অনু গ্ৰহ কৰি জি দিহা বুধি দিএ, তাকেই সিৰোগত কৰি মানি চকু মুদি পেট পেলাই পৰি থাকি, হস বা বিসাদ একবিং ওপৰৰ পৰা পৰিলোঁ জেন বুলি স্বিকাৰ কৰি থাকিবলৈ বাধ্য হৈছে। এই কথাতে তিনিও হাঁহি হাঁহি উঠি বাহিৰলৈ গল। এনেতে ইস্কুলৰ ঘৰিত তিনি বাজিল। সত্যপাল আৰু ভ্ৰমান্ধে হেড মাষ্টাৰৰ হাতত ধৰি ক্ষমা প্ৰাৰ্থনা কৰি বিদাই হল, মাষ্টাৰ বাবুএও সন্তোস চিতে বিদাই স্বিকাৰ কৰিলে। পাচে ইস্কুল বন্ধ কৰি সকলো ঘৰঘৰি গুচি গল।