পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
xii

প্ৰথম আৰু দ্বিতীয় খণ্ডৰ কাম অলপ বাকী থকাত আমি প্ৰথমে তৃতীয় খন পুথি চপাবলৈ আৰম্ভ কৰে। আজি এবছৰ বহুচেস্টা কৰি সেই তৃতীয় খণ্ডৰে প্ৰথম ভাগ বাইজৰ আগলৈ উলিয়াই দিয়া হল। বাকী ভাগো আশাকৰো অলপতে আমি ৰাইজৰ হাতত দিব পাৰিম।

 ইয়াতে আমি এই পুথিৰ বৰ্ণবিন্যাস সম্বন্ধে দুষাৰ কব খোজোঁ। আমাৰ ভাষাৰ ক্ৰমিক পৰিবৰ্ত্তন দেখুৱাবৰ নিমিত্তে যিমান দূৰ পৰা যায়, যি সময়ৰ লিখা সেই সময়ৰ বৰ্ণ বিন্যাস ৰাখিবলৈ চেষ্টা কৰা হৈছে, গতিকে পুথিত সময় বিশেষে বৰ্ণবিন্যাসৰ লৰচৰ পোৱা যাব। আমি আশাকৰো ইয়াৰ দ্বাৰাই আমাৰ ভাষাৰ ক্ৰমোন্নতিটো দেখা যাব।

 আৰু এটা কথা আমি ইয়াত উল্লেখ কৰিব লগীয়া এই যে, এই পুথি আমাৰ এটা ডাঙ্গৰ জাতীয় সম্পত্তি গতিকে পুথি যিমান দূৰ নিৰ্ভুল আৰু দোষশূন্য কৰিব পৰা যায় তাৰে চেষ্টা কৰা গৈছিল। শ্ৰীযুতগোসাইদেৱৰ আৰু বিশ্ববিদ্যালযৰো সেয়ে ইচ্ছা আছিল, কিন্তু বৰ দুখেৰে জনাব লগীয়া হল যে, আমি নানা কাৰণত তাত সম্পূৰ্ণ ৰূপে কৃতকাৰ্য্য হব নোৱাৰিলো। পুথিত কিছু বৰ্ণাশুদ্ধি আৰু ছপাব ভুল ৰৈ গল। গতিকে পুথিৰ শেহত এখন শুধৰণি পত্ৰ দিব লগা হল। বাকী কেই খণ্ড পুথিত যাতে এনেবোৰ দোষ নহয তাৰ বাবে আমি যিমনদূৰ সম্ভৱ চেষ্টা কৰিম।

 এই কথাখিনি আমি এই বৃহৎ গ্ৰন্থৰ পাতনি স্বৰূপে লিখা নাই। ইয়াৰ পাতনি ইয়াক যুগুত কৰোঁতা বিজ্ঞ গোসাইদেৱেই লিখিব আৰু তাক প্ৰথম খণ্ডৰ লগত ছপোৱা হব। এই দুষাৰ কথা কেৱল ৰাইজক এই পুথিৰ চিনাকি দিবলৈহে লিখা হল।

চিনেট হাউচ,
কলিকতা ইউনিভাৰ্চিটি,
আগষ্ট, ১৯২৩


শ্ৰীঅম্বিকানাথ বৰা

 


_____