পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নিবেদন

 ভাৰতৰ উজ্জ্বল ৰত্ন চাৰ আশুতোষ মুখাজিৰ বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়া ভাৰতীয় ভাষা বিলাকক এম. এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষা বিলাকৰ লগত অসমীয়া ভাষাকো সেই শাৰিত বহুৱাবলৈ অসমীয়া ভাষা আৰু অসমৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাৰ আশুতোষ মুখাৰ্জিয়েই প্ৰথমে প্ৰস্তাৱ কৰে। যদিও সেই প্ৰস্তাবিত বিশ্ববিদ্যালযৰ আন আন বঙ্গালী কৰ্ত্তা সকলে বহুত হকাবধা কৰিছিল তথাপি আসাম-বন্ধু মুখাৰ্জি মহোদয়ৰ অহো পুৰুষাৰ্থত তেখেতৰ চেষ্টা ফলৱৰ্তী হল আৰু অসমীয়া ভাষাই বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত “চেডলাৰ কমিচনৰ” লগত চাৰ আশুতোষ মুখাৰ্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়া গুৱাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্য সাহিত্যিক আৰু শিক্ষিত মানুহৰ লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মহলাত তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমীয়া ভাষাৰ আদিৰে পৰা বৰ্তমান সময়লৈকে প্ৰধান প্ৰধান লিখকসকলৰ লিখাৰ পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুৰু কামৰ ভাৰ আমাৰ প্ৰবীণ সাহিত্যিক, আসামৰ একমাত্ৰ প্ৰত্নতত্ববিদ, পণ্ডিতপ্ৰৱৰ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী দেৱক দিযা হয়। গোসাইদেৱে বহু পৰিশ্ৰম কৰি ১৯২১ চনত সেই পুথি গোটাই বিশ্ববিদ্যালয়ৰ হাতত দিয়েহি। সেই সময়ত অসমৰ কৃতী সন্তান ভাৰত বিখ্যাত স্বৰ্গীয় ভোলানাথ বৰুৱাই এই পুথি ছপাবলৈ বিশ্ববিদ্যালযক দহহেজাৰ টকা দিবলৈ প্ৰতিশ্ৰুত হয়, আৰু তাৰ দুহেজাৰ তেতিয়াক বিশ্ববিদ্যালয়ক দিয়ে। সেই টকাৰে বিশ্ববিদ্যালয়ে নিজৰ প্ৰেচতে পুথি ছপাবলৈ আৰম্ভ কৰে। আৰু সেই চপা কাৰ্য্যৰ তত্বাবধান কৰিবলৈ বিশ্ববিদ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পুথি তিনি খণ্ডকৈ ভাগোৱা হৈছে। আদিৰে পৰা ইংৰৰ্জী ১৫ শতিকাৰ শেহলৈকে প্ৰথম খণ্ড, ১৬ শতিকাৰ আৰম্ভৰে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয় খণ্ড, আৰু ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয় খণ্ড। প্ৰত্যেক খণ্ডই প্ৰায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।