পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
অসমীয়া সাহিত্যৰ চানেকি

আক্রমন কৰাৰ দোআৰাই তেওঁৰ অহিতে জি জি বাধা আচিল, সেই সকলো বিফল হল ; সেই নগৰ মহম্‌দৰ হাতত পৰিল, আৰু তেতিখনে বিষ্ণুৰ নিচান গুচাই সেই ঠাইতে মহম্‌দৰ অৰ্থচন্দ্ৰৰ নিচান লগােআত উৰিবলৈ ধৰিলে; আৰু সেই ৰজাৰ ঠাইক অতিসই অমর্জতা আৰু লুট কৰা হল। মহমদে সেই নগৰৰ ঐস্বৰ্জ বিভুতি আৰু তাৰ ঠাই বােৰ দেখি সন্তোস হৈ গজনিন ৰাজ্যৰ ভিতৰত জিলা কৰিবলৈ ইচা কৰিলে, কিন্তু তেওঁৰ সেনাপতিবিলাকে তেওঁক জনাই কলে, বোলে, লাহােৰৰ ৰজা জিমানদিন স্বতন্ত্র হৈ মজি দেসত থাকে, সেই মান দিন গজনিনৰ ভিতৰ জিলা কৰা অসাধ্য। তাতে তেওঁ আপােন ইচা তিয়াগ কৰিলে, আৰু অনেক ৰাজ সম্পতি পাবলৈ সম্মত হৈ ৪০,০০০ ৰন কৰা অবসেস লােক আৰু অসিমাধন লৈ তেওঁ গজনিনলৈ পুনৰবাৰ আহিল।


Seventh Expedition–Kashmir invaded.


 এই জুধৰ দুই বচৰৰ পাচত আনন্দপাল ৰজাৰ ম্ৰিত্যু হল, তেওঁৰ পুত্র প্রিথিবি জইপাল সিংহাসনত উঠিয়েই মহমদৰ সহিত ৰন কৰিব খুজিলে, এই কাৰনে মহমদ সপ্তমবাৰ এই ভাৰতৰত ৰন কৰিবলৈ আহিল। জইপাল ৰজা তেওৰ জুধত পর্গত হােআ সেনাবিলাকে সৈতে জুধত বলে নােআৰি কাস্মিৰলৈ পলাই গল, আৰু গজনিনৰ বাদস্তাও তেওৰ পাচত সেই দেসলৈ গমন কৰিলে ।

 দিলিৰ উতৰ পচিমৰ ১৮০ ক্রোচ অন্তৰত কাস্মিৰ দেস সেয়ে দিঘে ৪০ ক্রোচ অৰু পথলিয়ে ২০ ক্রোচ । তাৰ চাৰিওফালে পর্বত আছে, তাৰ ভুমি অর্থাত দুই পৰ্বতৰ মাজৰ ভৈয়াম জেনেহে মনােহৰ তাক কবলৈকে ঠাই নাই। অকবৰ বাদস্তাৰ কালত নিগৰ নামে এক নগৰ সেই কাস্মিৰ দেসৰ ৰাজধানি আচিল। এই উতম দেস নষ্ট কৰিবৰ কাৰনে মহমদে আপোনাৰ নাসক সৈন্যবােৰক এৰি দিলে, কিন্তু পৰ্বতৰ ওপৰত সজা কোঁঠবােৰক জই কৰিবলৈ কঠিন হল। সেই দেসৰ সকলো অমুল্য বস্তু তেওঁ লুট কৰিলে, তথাপি লােকোট নামে অতি সকত কোঁঠ জই কৰিবৰ নিমিতে প্রথম বচৰৰে পৰা তেও তাতে আচিল ; পাচে সেই কোঁঠ জই কৰিবলৈ তেওঁৰ সক্তি নােহােআত তাৰ পৰা উলতি আহিল, এই প্রথমবাৰ মহমদ ৰনত হাৰিল ।