পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
হিন্দুস্থানৰ বুৰঞ্জি।

ওচৰ নৌ পাওঁতেই মহমদৰ সৈন্য বিলাক অতি বেগে আহি সেই থানেশ্বৰ নগৰ খনক সমুদাই বেৰিলে। সেই ঠাইৰ লােক বিলাক জুধ কৰিবলৈ নজন হেতুকে নগৰ খন মহমদৰ হাতত অতি বেগতে সমর্পন কৰা হল। ঐস্বৰ্জ আৰু ধন আৰু সকলােতকৈ মনােহৰ জি এই নগৰ, সেয়ে মহমদব সৈন্য- বিলাকে লুট কৰাৰ দোআৰাই এক নিমিসৰ ভিতৰতে সমুলি সংহাৰ কৰা হৈ নষ্ট হল। সেনাবিলাকে দেৱালইৰ ধন সােন সকলােকে লুট কৰি লৈ দেৱালইক ভাঙ্গি সমথল কৰিলে; আৰু দেও মুৰ্তি বােৰক ভাঙ্গি নগৰৰ ৰাজ বাটত সিচৰিকৈ পেলাই দিলে। কিন্তু প্রধান জিটো মূর্তি তাক অধিক অমর্জতা কৰিবৰ কাৰনে ৰাখি থলে। সেই মুর্তিৰ দোআবাই দেও পুজকবিলাকে আৰু বাৰ পুজা কৰিবলৈ জেন উচাহ নজনমে, এই নিমিতে সেই মূর্তি গজনিনৰ নগৰলৈ লৈগল, আৰু তাতে সকলাে মানুহৰ আগত মুৰ্তিৰ মুৰটোচিগি পেলালে, আৰু জইজুক্ত হােআ পৰাক্ৰমি মচলমান বিলাকে জেন ভৰিৰে খচকিব, এই ইচাৰে অৱসেসবােৰ জি থাকিল, তাক ভাঙ্গি ভাঙ্গি বাটত আৰু নগৰৰ আলিত পেলাই দিলে।

 দিলিৰ ৰজাই তেওঁৰ সহাই হৈ ৰন কৰিবলৈ আন আন জি ৰজাবিলাকক মাতি আনিচিল, সেই কথা মহমদে বুজ পাই অতি ক্রোধেৰে পুৰ হৈ থানেস্বৰ নগৰ আক্রমন কৰি এটায়েই দিলিলৈ আগমন কৰিলে; দিলি জিলা দিঘলে ১৬৫ আৰু বহলে ১৪০ ক্ৰোচ। তাৰ মাজত গঙ্গা আৰু জমুনা এই দুই প্রধান নদি। দুই হেজাৰ এস বচৰৰ আগেয়ে দিলু নামে এক বজাই সেই নগৰ পাতিচিলে বুলি লােকবিলাকে কোআকুই কৰে ; আৰু কোনাে কই বলে, আওৰঙ্গপাল নামে এক ৰজাই চৈধ্য সবচৰৰ আগৈ এ দিলি নগৰতকৈও এখন বৰ নগৰ ভাঙ্গি আনি সেই নগৰ পাতিলে। সেই নগৰৰ অধিকাৰবিলাক বহু কালৰে পৰা স্বতন্ত্র হৈ আচিল, পাচে লাহােৰৰ পাল বংস নামে মহাৰজাৰ অধিন কৰা হল। মহাভাৰতত জি ইন্দ্রপ্রস্থ নামে পুৰাতনিয়া নগৰব কথা লিখা আছে, সেই নগৰৰ ঠাইতে এই দিলি নগৰ সজা হৈছে বুলি জনা জাই। সেসে কনৌজ নগৰ জেনেকৈ হানি হবলৈ ধৰিলে, তেনেকৈ দিলি নগৰৰ ব্রিধি হৈ গল, আৰু কনৌজ নগৰ সমুদাই নাসহােআৰ পাচত মচলমান ৰাজ বংসৰ ৰাজ সাসন কৰাৰ সময়ত সেই দিলি নগৰ সকলো হিন্দুস্থানৰ ৰাজধানি হল, কিন্তু এতিয়া সেই বাজধানিৰ পদ তাৰ পৰা কলিকতালৈ আহিল।

 মহমদে আপােনৰ জয়জুক্ত সেনাবিলাকক লৈ এই মহাৰাজধানিৰ ওপৰত অতি সকত ভাৱে আক্রমন কৰিলে, তাতে তেওঁ বেগে অহা অাৰু কঠিন ভাৱে
  ১৭