পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
অসমীয়া সাহিত্যৰ চানেকি।

আৰু আন দেসলৈ বন্দিকৈ বেচাৰ ভই দেখুআই মহমদৰ মত অৰ্থাত মচলমানৰ ধৰম বলেৰে লোআলে।

Sixth Expedition Thuneswal' and Delhi plundered.

 ১০১১ সঁকত সস্টবাৰ এই ভাৰতৰমলৈ আহি মহমদে থানেস্বৰ আৰু দিলি নগৰ লুট কৰিলে। থানেস্বৰ অতি পুৰাতনিয়া নগৰ আৰু দিলি জিলাৰ ভিতৰ, আৰু দিলি নগৰৰ পৰা ৩০ ক্ৰোচৰ অন্তৰ। তাৰ ওচৰেদি সৰস্বতি নদি বৈচে, আৰু কুৰুক্ষেত্ৰৰ সৰোবৰ সেই গানেসবৰ ওচৰত আচে। মহাভাৰতত জি সকল কথা বৰ্ণাইচে তাৰ ঠাই এই দেস, আৰু ভাৰত ৰজাৰ ৰাজধানি হস্তিনাপুৰ নগৰে। সেই দেশতে আচে। মচলমান লোকে জেনেকৈ মেকা নগৰক বৰ পুন্যৰ ঠাই বুলি মান কৰে, সেই ৰুপে হিন্দু লোকেও সেই ঠাইক তেনেকৈ মানে, আৰু সেই ঠাইত মন্দিৰৰ সমান ভয়ঙ্কৰ গৰৰ নিচিনা পুনৰ নিমিতে দান দিয়া ধনেৰে পৰিপুৰ্নহৈ আচে, ইআকে মহমদে শুনিলে। তাতে হেজাৰ হেজাৰ সৰু প্ৰতিমাৰ মাজতো এক প্ৰধান দেওমুৰ্তি থাপনা কৰা হৈচিল; আৰু সেই ঠাইৰ ব্ৰাহ্মন বিলাকে শৰ কৰি কই বোলে, সেই মুৰ্তি প্ৰিথিবি খনৰ সমান পুৰনি হৈছে।

 মহমদে আনন্দপাল ৰজাক আগ্য। কৰি কৈ পঠালে, তুমি মোৰ মিত্ৰ হোআ ৰজাবিলাকৰ দৰে মোৰ লগত তাহা সৈন্যবোৰৰ হাৰৰ বস্তু সিহঁতলৈ জোগাই দিয়া। কিন্তু লুট আৰু নাস হেআৰ পৰা থানেশ্বৰ নগৰক ৰখ্যা কৰিবলৈ আনন্দপাল ৰজাৰ অধিক ইট। আচিল, সেই নিমিতে তেওঁ অনেক হাতি আৰু সোন, ধন আৰু অলঙ্কাৰ আদি বস্তু মহমদক দিবলৈ অঙ্গিকাৰ কৰিলে। মহমদে তেওৰ সেই সকলো বিনয়তো সন্তোস নহৈ, উতৰ দিলে, বোলে, মচলমানৰ সাস্ত্ৰৰ প্ৰমানৰ দোআৰাই দেৱতাৰ পুজা জিমান হানি হই, আৰু মহমদ জসস্যাৰ খিয়াতি জিমান ব্ৰিধি হই, তাৰ দোআৰাই লোকবিলাকৰ স্বৰগ লাভ হব। সেই থানেশ্বৰ নগৰৰ অধিকাৰি জি দিলিৰ ৰজা, তেওঁৰ আগত জেতিয়া মহমদৰ আগমনৰ বাত্ৰা কোঅ হল, তেতিয়া তেওঁ হিন্দুস্থানৰ সকলো ৰজাবিলাকৰ ওচৰলৈ কটকি পঠালে, আৰু প্ৰাৰ্থনা কৰিলে জেন সিবিলাক সকলো সৈন্য সৈতে আহি দেৱতাবোৰৰ সেস আই হে অপবিত্ৰৰ পৰা ৰখ্যা কৰে। পাচে সেই মিলন হোআ ৰজাবিলাক তেওঁৰ সহাই হবলৈ জাওঁতে জাওঁতে দিলিৰ ৰজাৰ