পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। নচলে; এক দেসব মানুহবোৰ অতি বগা, এক দেসৰ বা অতি কলা, আৰু এক দেস বা তাম বৰনিয়া, কোনো দেসক ৰজাই কোনো দেসক প্ৰজাই সাসন কৰে, কোন দেসত বৰ জাৰ, আৰু কোন কোন দেস বৰ গৰমি, আৰু এঠাইত বা ইস্বৰক এক দৰে পুজা কৰে, এঠাইত বা আন দৰে পুজা কৰে; আৰু ইয়াত নানা। দেসত নানা বিধৰ গচ, বন, ফুল, পহু, চৰাই, কিট, পতঙ্গ ধাতু ইত্যাদি বস্তু হই, এই সকল কথা তোমালোকে জানিবলৈ পুৰুসাৰ্থ কৰিব পোকা, কিয়নো তাৰ পৰা অনেক উপকাৰ হই, আৰু তোমালোক গিয়ানি হবও পাৰিবা, তাৰ সংখ্যেপ বিবৰণ আমি লিখিলোঁ; মন দি পৰ্হি নেপাহৰিবলৈ জতন কৰিব। এই প্ৰিথিবি খন প্ৰাই ৰবাব টেঙ্গাৰ নিচিনা ঘুৰনিয়া, তাৰ পৰিধি ২৫ হেজাৰ মাইল, অৰ্থাত তিমান ডাৰৰ বাট ২১৮৭৫ ক্ৰোচ, আৰু ব্যাস ৮ হেজাৰ মাইল বা ৭০০০ সাত হেজাৰ ক্ৰোচ। প্ৰিথিবিৰ ওপৰত জল আৰু থল। আচে; দুভাগ মান জল এভাগ থল, মানুহে থলক চাৰি ভাগকৈ বিভক্ত কৰিচে, ইংৰাজি ভাসাত সেই খণ্ডক ইউৰপ, অচিয়া, আফ্ৰিকা, আৰু আমেৰিকা বোলে; ইউৰপ দিঘলে ৩০ ১০ মাইল, পুতলে ২৪০ মাইল, এই খণ্ড অতি খুদ্ৰ, কিন্তু তাত বাস কৰা মানুহ সকল অতি সভ্য, তাৰ প্ৰধান দেস ইংলণ্ড ( অৰ্থাত ইংৰাজি দেস) ফাপদেস, ৰুচিয়া, ইস্পানিয়া ইতালি ইত্যাদি। আচিয়া খণ্ড দিঘল ৭} ০ ০ মাইল পুতলে ৫২৫০ মাইল, তাত তুৰুক, অৰিব, পাৰ্টি, কাবুল, চিন, ৰুচিয়া, আৰু ভাৰতবস, (এই দেসতে অসম দেস ) ইত্যাদি দেস আচে। অফিক। খও দিঘলে ৫০ ০৫ মাইল বা ৪২০০ ক্ৰোচ, পুতলে ২৭০০ মাইল বা ৪০০০ ক্ৰোট, তত মিচৰ, খৰচ ইত্যাদি দেস। আমেৰিকা খণ্ড দিঘলে ৭৫০০, পুতলে ৯০০, এই খণ্ডৰ দুই ভাগ আচে, উত্তৰ আমেৰিকা আৰু দখিন আমেৰিকা। | প্ৰিথিবিৰ মধ্য প্ৰাই চাৰে ন অবুদ মান মানুহ আছে, তাৰে ইউৰপত কুৰি কোটি, আচিয়াত সাঠি কোটি, আফিকাত পাচ চই কোটি, আৰু আমেৰিকাত চাৰি কোটিৰ অধিক, ভাৰতবসত এক অবুদ চাৰি কোটি, কিন্তু অসম দেসত মুঠে বাৰ লাখ। প্ৰিথিবিৰ সকলো ঠাইতে জাৰ আৰু জহ সমান নহই, প্ৰিথিবিক পাঁচ খগুকৈ ভাগ কৰা গৈচে, সেই খণ্ডবোৰকে কটিবন্ধ বোলে, মধ্যতে উম্ন কটিবন্ধ