ইংলণ্ডৰ বিবৰণ। এক সময়ত ৰনত ঘাটি দেৱতা কষ্ট হৈছে বুলি তিনিস ভাল মানুহৰ লৰাক ধৰি বলি দিলে। আৰু সিহঁতৰ এই নিতি আচিল, বনৰ সমূয়ত কাঠৰ বৰ এক দেৱতাৰ মূৰ্তি চিলিঙ্গিৰ নিচিনাকৈ সাজি সেই দেবতা তুষ্ট হবৰ নিমিতে ৰন জিকি ধৰি অনা মানুহবিলাকক সেই বৰ মূতিৰ ভিতৰত সুমুআই, হোম দি পুৰিলে। সেই ৰুপ মুৰ্তিৰ নকচা এটা তত অচে, আৰু সেই নকচাৰ ভিতৰত চিলিগিৰ মাজে দি সুমাই দিয়া মানুহবোৰৰ মূৰ, হাত, আৰু ভৰি দেখা জাই পুৰ্বৰ ইংৰাজ সকল এই দৰৰ অসভ্য আচিল কিন্তু এতিযা ক্ৰমে ক্ৰমে সিবিলাক প্ৰিথিবিৰ সকলে। জাতিতকৈ পৰাক্ৰমি, গিনি, ধনৱন্ত আৰু মহত হৈছে। এই বিবৰণ পাঠ কৰি স্বভাৱিকতে আমাৰ মনত এটা প্ৰশ্ন ওলাই অৰ্থাত ইংৰাজ সকল এনে অসভ্য থাকিও জে আমাৰ দেসত কৈ বা সভ্য হল ইয়াৰ কি হেতু? ভাৰতৰৰ্ষৰ লোক সকল অতি পুৰ্বৰে পৰা সভ্য হৈও জে একে দৰেই থাকিল বৰঞ্চ অসমিযা লোক পুৰ্বতকৈ ধৰমত হৃাসনহে হল, ইয়াবা কি কাৰন? হে অসমদেস নিবাসি লোক সকল, তোমালোকে অলপগমি চালেই জানিবা জে তোমালোকৰ দুৰৱস্থাৰ হেতু তোমালেকেই। দেখা প্ৰথমতে এই জগতত বিদ্যাৰ সমান আমাৰ মিত্ৰ নাই, কিযনো তাক জানিলে আমি গিযান পাওঁ আৰু গিযানি হলে ইহকালত আদৰ সম্মান পাম। এনে জে অমূল্য ৰতন বিদ্যা তাৰ তোমাললাকে একে মূল নেপাই নিচইকৈ অৱহেলা কৰিচা। তোমালোকৰ পুৰ্ব পুৰুস সকলে একপ্ৰকাৰ বিদ্যাৰ আলোচনা কবিচিল আৰু সেই নিমিতে সিৱিলাকৰ অনেক গিয়ান আচিল, কিন্তু এতিযা তোমালোকে কি সংস্কৃত কি ইংৰাজি একে। বিদ্যা নপৰ্হি পুৰ্বৰ হোজা স্বভাও এৰি অগিয়ান আৰু টেঙ্গৰ সভাও লবৰ উপক্ৰম কৰিচা। আমাৰ ইংৰাজ অধিপতি সকল কেনে বিদ্যোতসাহি, সিবিলাকে স্বকিয় বিদ্যা সিকাই বঙ্গদেসক সভ্য কৰিব ধৰিছে, তোমালোককে সেইদৰে অনুগ্ৰহ কৰিব খোজে কিন্তু পসুক মানিক দিয়াৰ দৰে তোমালোকে সেই অনু গ্ৰহ নোলো আৰু আপুনি ধন ভাঙ্গিও নপৰ্হা। হাই হাই, কি আখেপৰ কথা। হে প্ৰিয় মিত্ৰ সকল, যদি সভ্য আৰু গিয়ানি আৰু সুখি হবৰ বাঞ্ছা কৰা তেন্তে টোপনিৰ পৰা উঠা। লৰা সকল, তোমালোকে আটায়ে একে বাক্যহৈ কাৰৰ হাক মুসুনি বিদ্যাত আটায়ে চিত আৰু সক্তি দিয়া। জি হেতুক ধনে সোনে গিয়ান দিব নোআৰে। পিত্ৰি মাত্ৰি সকল, আটাই কথাকে কাতি কৰি থোকা, সন্তানক ধন আজ্জিব নিদি, বিদ্যা আৰ্জিব দিয়া, কিয়নো সিহঁত আগিয়ান হৈ জি পাপ কৰে তাৰ দোসে তোমলোককে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৩
অৱয়ব