পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৪ অসমীয়া সাহিত্যৰ চানেকি। ধৰিব আৰু আৰু তাৰ সলনি ইস্বৰৰ সোধত মেলোকে দণ্ড নেপাওঁ বুলি নে- ভাবিবা। ধনৱন্ত লোক সকল, তোমলোকেও আজিৰে পৰা উঠা পুৰ্বৰ প্ৰতিগ্য। এৰা, তোমালোকৰ ধন মাটিৰ তলত মামৰে নষ্ট কৰিব নিদিবা, কিন্তু দেসত বিদ্যা ব্ৰিধিলৈ ধন ভাঙ্গ। এই উপাই লোকা দেস অৱশ্যে, সভ্য আৰু গিয়ানি হব। দুতিয়তে হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; কিন্তু জদি সভ্য আৰু সুখি হব খোজা তেন্তে ক্ৰিসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হবলৈ পুৰুসাৰ্থ কৰা। তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোকা, আৰু জানিবলৈকো শ্ৰম নকৰা তোমালোকে ভাপৰ ৰণ, ভাপব কল, ভাপৰ নাও ইত্যাদি কৰিব পাৰা হলে, কেনে সুখি হলা হেঁতেন, এতিয়াও তোমালোকৰ সাধ্যৰ বাহিৰ নহই, তোমালোকৰ ভিতৰত ধনৱন্ত সকলে এবেলি মাথোন কিছু ধন ভগন কবি, ইংৰাজৰ সহাই লৈ, কেইজন মান দেসি ভাইক ক্ৰিসি কৰমৰ নানা জন্ত্ৰ কৰি তাৰ ব্যৱহাৰ সিকাওক, আৰু নানা আচৰিত আচৰিত ইংৰাজি জন্ত্ৰ সকল বুজাওক, ইয়াকে কৰিলে লোকে জদি তাৰ গুন দেখিলে, তেন্তে তাক নেৰি বাকৈহে সিকিব আৰু তেতিয়া দেখিব। অসম দেস হাবি গুচি ফুল বাবি হব, পজাৰ ঠাইত অট্টালিকা হব, ডোঙ্গা গুচি ভাপৰ নাও হব, আৰু গোটেই দেস ধনমই হব। অসমিয়া সকল, ইংৰাজতকৈ অসভ্য হৰি ত্ৰিতিয় হেতু কও সুনা। তোমালোকৰ ভিতৰত বানিজ্যৰ অনুসিলন নিচইকৈ নাই, সকলে ধন মাটিত পুতি থৈ ভাল পাই, কিন্তু জিহৰ পৰা সেই ধনেৰেই ধন হই, তাক নিচিন্তে। ইংৰাজৰ সভ্যতাৰ ঘাই এক হেতু বানিজ্য, এতেকে জদি ধনৱত্ন হব খোজা, তেন্তে, সম্প্ৰতি বানিজ্যত প্ৰবৰ্ত্ত হোআ। ক্ৰিসি কৰম নেবাৰ্হিলে বানিজ্যও নেবাহে, সেই নিমিতে দুইকে অনুসিলন কৰিবলৈ জতন কৰা। | কিন্তু হে মোৰ স্বদেসিয় বান্ধব সকল, আমাৰ দেসৰ দুৰঅবৱস্থাৰ চতুৰ্থ আৰু ঘাই হেতু এই জে তোমালোক কেৱে দেসৰ হিত নিচিন্তা, কেৱল আপুনি কেনেকৈ ভালে থাকা তাকেহে সদাই ভাবা। ওপৰত জি সকল উপাই দিলো, সেই বিলাকৰ পৰা কি গুন হব জদি স্বদেশকে কেৱে মৰম নকৰিলে? ইংলণ্ডৰ কত স লোকে দেসৰ হিতলৈ কোটি কোটি ৰুপ ভগন কৰিব লাগিচে। দেখা আমাৰ দেসত কত ধনৱন্ত লোকে সিবিলাকৰ ধন মাটিৰ তলত পুতি থৈ, দেসৰ হিতলৈ