লোক থকা ঘৰ বিলাক প্ৰায়ে ইটা আৰু সিলৰ, অনেক বিখ্যন বিচখ্যন অট্টালিকা আচে, আৰু তাৰ হজুআৰ ঘৰো এই দেশৰ ধনবন্তৰ ঘৰতকৈ ভাল; আলিবোৰ জে দেখিবা সিও কেতবোৰ বা সিলৰ কেতবোৰ বা ইটাৰ প্ৰায়েই পকি, আৰু তাৰে ৰাতিএ দিনে হেজাৰে হেজাৰে মানুহ আৰু ৰথ চলি থাকে; ইয়াত বাজে ৰেলৰদ নামে চাৰিও ফালে লোৰ বাট দেখিবা, তাৰে ভাপৰ ৰথ জোআ অহা কৰে আৰু সেই থেকে এনে বেগেৰে জাৰ পাবি জে দহ পোন্ধৰ দিনৰ বাট একে দিনে পোআ জাই; নৈবিলাকত ভাপৰ নাও বৰ বৰ জাহাজ ইত্যাদিএ ভৰি থাকে, আৰু বানিজ্যৰ সুগমলৈ চাৰিও ফালে মানুহে খানি নৈ কৰিচে; দেসৰ ঠায়ে ঠায়ে হেজাৰে হেজাৰে পহাসালি গিযানব সভা পাবা, আৰু জলৈকে জোআ তাতে চিকিত-সালই আৰু দবিদ্ৰব উপকাৰলৈ নানা ঠাই দেখিবা; তাত নৰিযাক বিনা ধনে চাই আৰু দুখিয়াৰ দুখ বিমোচন হই।
ইংলণ্ড দেশক চলিচ প্ৰদেশ কবি ভাগ কৰা হৈছে; তাৰ সকলো নগৰতকৈ প্ৰধান ৰাজধানি লণ্ডন নগৰ। এই নগৰ এনেহে অচৰিত জে তাৰ বিবৰণ অনেক অসমিয়া লোকেই নপতিযাব। লণ্ডন ইমানহে ডাঙ্গৰ জে তাত কুৰি লাখ মানুহ থাকে, আৰু দুই লাখতকৈ বহা পকি ঘৰ আছে। তাৰ আলিবোৰৰ তিনি ভাগ; মাজত বৰ বৰ সিলেৰে বন্ধাইচে তাতে ৰথ ঘোঁৰা চলে, দুই কোখৰে বৰ সুন্দৰ সুন্দৰ সিলেৰে বন্ধোআ তাতে মানুহ ফুৰে। প্ৰতি আলিৰ দাতিত খাৱৈ থাকে তাৰে নগৰব মলিবোৰ নৈত পৰে গৈ; আৰু এই দেসত জেনেকৈ নিলগৰ পৰা পানী আনিব লাগে তাত নেলাগে কিন্তু নগৰৰ মাজে জি গেমট নদি বৈচে তাবে দাতিত এনেহে একোটা কল কৰি থৈছে জে প্ৰতি ঘৰলৈ সিহৰ চুঙ্গাৰে পানী জাই। লণ্ডনৰ প্ৰতি আলিতে চাকি লগাই, আৰু একেটা অলিতে দিনত সাত হেজাৰ মান ৰথ অহা জোআ কবে। এই নগৰত থেমচ, নদিৰ ওপৰে কেইখন মান বিচখ্যন বিচখ্যন সাকোঁ আচে, তাৰে নৈৰ তলেদি পাৰ হব পৰাকৈ সুৰুঙ্গা বাট এটা জি কৰিছে, সি প্ৰিথিবিৰ মধ্যত এক আচৰিত ৰকম; আৰু তাক সাজোঁতে ৪৫ লাখ ৰূপ খৰচ হৈচিল। এই মহা নগৰত বাজে লিৱৰপুল, ব্ৰিষ্টলকে আদি কৰি অনেক বৰ বৰ নগৰ আচে তাৰ কথা লেখা বৰ বাহুল্য।
ইংলণ্ড দেস স্বভাৱিকতে জদিও বৰ উৰ্বৰা নহই তেও তাৰ লোকৰ পৰিস্ৰমৰ প্ৰভাৱত বৰ উৰ্ববা হৈ নানা বিধৰ সস্য উতপন হই। কিন্তু ইংলণ্ড সিল্প কৰমতহে প্ৰখ্যাত; এই দেসত জেনেকৈ কাপৰ হাতেৰে বই তাত তেনে ন