অসমীয়া সাহিত্যৰ চানেকি | খি ষ্টিয়ান। নিৰ্ভাৰসা দলদলনি পাৰ হলত এজন মহন্ত লোকৰ লগ পালোঁ, সমুখে থকা গাওত মোৰ বোজা গুচাব পৰা এজন লোক পোয় জাব বুলি, মোক এই কথা বুজাই পতিওআলে।। উপদেসক। সেই জন কেনে মানুহ? খি ষ্টিয়ান। এজন মহন্ত লোক জেন দৈখে; মোক সৰহ কথা কৈ, সেসত তাৰ বুধি লবলৈ মোৰ বিস্বাস কৰালে, এই হেতু এখেলৈ আহিৰ্চো; কিন্তু এই পৰ্বত পাই, বাটৰ ওচৰত গবাৰ সিল এই দৰে ওলমি থকা দেখি, মোৰ মুৰত পৰিব জেন বুজি একে বেলি এ থমকি ৰলোঁ। উপদেসক। সেই মহন্তে তোমাক কি কলে : খি ষ্টিয়ান। তই কলৈ জা, এই কথা মোত সুধিলে, ময়ো তাকে কলোঁ। উপদেসক। আৰু তাত বাজে সি কি কলে? খি ষ্টিয়ান। পাচে তোৰ লব ঢোআলি অচেনে নাই ইয়াক সোধাত মই তাকে কলে; কিন্তু মোৰ পিঠিত থকা ভাৰৰ কাৰনে আগৰ নিচিনাকৈ সিবিলাকত সন্তোস নেপাওঁ বুলি কৈৰ্চো। উপদেসক। পাচে কি কি কলে? খি ষ্টিয়ান। মোৰ ভাৰৰ পৰা মুক্তি পাবলৈ বেগতে উপাই কৰিব দিচে; তাতে মই কলো, তাৰ পৰা জিৰনি পাবলৈ মোব ইচাহে; আৰু মুক্তিৰ ঠাইলৈ কি ৰুপে জাব পাৰিম, এনে সিখ্যা পাবৰ নিমিতেহে মই সৌখন সৰু দুআৰলৈ জাবলৈ ধৰিৰ্চো, ইয়াকে মই তাক বুলিলোঁ। তেতিয়া আপুনি মোক জি বাটত জাব দিলে, সেই বাটতকৈ উতম, চমু, আৰু এইমান আপদ নথকা এটা বাট | দেখুআম বুলি মোত কলে; আৰু জি মহাজনে এনে ভৰি গুচাব জানে, তেওঁৰ ঘৰলৈ এই বাট পোনাইচে বুলি কলে। তাতে তাৰ কথা পতিয়াই, বেগতে ভাৰৰ পৰা জিৰনি পাও কি চাও এই অসাৰে সেই বাটৰ পৰা এফলিয়া হৈ এই বাটত সোমালোঁ; কিন্তু এই ঠাই পোআত ইয়াৰ কথা জি ৰুপ হৈচে, তাক সত্য ৰুপে জানি, মই আগেয়ে কোআৰ দৰে আপদৰ ভয়ত থমকি বলে, কিন্তু এতিয়া মই কি কৰিব লাগে, তাক নেজানো। তেতিয়া উপদেসকে কলে, তুমি কিচু কাল ৰবা, মই তোমাত ইস্বৰৰ কথা বুজাম। তাতে খি ষ্টিয়ান থিয় হৈ কঁপি কঁপি ৰৈ থাকিল, পাচে উপদেসকে কলে সাৱধান হোআ, তোমালোকে উপদেস দিয়া জনৰ কথা শুনিবলৈ বিমুখ নহবা;
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১২
অৱয়ব