পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪৫
অসমীয়া চণ্ডীপদ।

হিন ভৈলো ধন ভাৰ্য্যা পুত্ৰ বন্ধুগণে।
সিকাৰণে বনক আসিলে দুঃখ মনে॥
ইঠানত থাকি ভাৰ্য্যা পুত্ৰ পৰিয়াল।
নজানোহে কিছু মই কুশলাকুশল॥

কিবা তাসম্বাৰ গৃহে কুশল সম্প্ৰতি।
কিবা অকুশল ৰূপে থাকে প্ৰতিনিতি॥
সাধু বৃত্তি কৰে কিবা মোৰ পুত্ৰগণে।
অসাধুৰ বৃত্তি কিবা কৰে অনুক্ষণে॥

ইসব চিন্তায়ে মোৰ ব্যাকুল হৃদয়।
সৰ্ব্বকালে দুয্‌খমনে শোক নুগুচয়॥
সমস্তে কহিলো মই তোমাৰ আগত।
এহি হেতু দুয্‌খ মোৰ নুগুচে মনত॥

এহিবাক্যচয় ৰাজা শুনিয়া বৈশ্যৰ।
পুনৰপি বৈশ্যত পুছিলা নৃপবৰ॥
গুৰুৰ চৰণে আগে প্ৰণাম কৰিয়া।
দূৰ্গাপদ পঙ্কজক মনত ভাবিয়া॥

ভণে ৰঙ্গনাথ দ্বিজে চণ্ডীৰ পয়াৰ।
শিব দুৰ্গা ঘুষি হোৱা সংসাৰৰ পাৰ।