পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিৰাজ চক্ৰবৰ্ত্তী।

শঙ্খচূড় বধ।

সৌমাৰ পিঠৰ শিবসিংহ অধিপতি।
হৰিহৰ চৰণত সদা যাৰ মতি॥
ৰূপে নিন্দি আছে কামদেৱৰ শৰীৰ।
যাৰ যশে তুল্য কৰি আছে গঙ্গানীৰ॥

ধৈৰ্য্যত সাগৰ দানে যিতো কৰ্ণ সম।
দণ্ডে যম সম ৰাজনয়ে মনুপম॥
উদাৰ চৰিত্ৰ নানা গুণৰ ভবন।
মানে দুৰ্যোধন দুষ্ট বশে হুতাশন॥

সুবৰ্ণৰ যত বস্ত্ৰ আনো নানা ধন।
যাত হন্তে প্ৰতিদিনে লভে বিপ্ৰগণ॥
যাৰ পদ পঙ্কজক সেবি নৃপগণে।
ভাৰ্য্যা পুত্ৰ সমে সুখে থাকে ৰঙ্গমনে॥

বিস্তৰ পণ্ডিতে যাক কৰে আশীৰ্ব্বাদ
যাহাৰ দৰ্শনে বৈৰগণৰ বিষাদ॥
তাহান আছিল জায়া ফুলেশ্বৰী নাম।
পত্নীগণ মধ্যে শ্ৰেষ্ঠ গুণে অনুপাম॥

যেহেন ইন্দ্ৰৰ শচী হৰৰ পাৰ্ব্বতী।
সেহি মতে নৃপতিৰ যাত অতি ৰতি॥
কামিনীৰ মধ্যে সাৰ ৰূপে অনিন্দিতা।
ভক্তি ভৱে স্বামীক সেৱন্ত সুচৰিত্ৰা॥