হৈলা অধিকাৰী অনলক কৰি দূৰ।
সবে অধিকাৰ কাঢ়ি লৈলেক বাউৰ॥
চন্দ্ৰক খেদাই চন্দ্ৰপদ কাঢ়ি লৈলা।
যমক খেদাই সেই অধিকাৰী ভৈলা॥
বৰুণক নিকলিয়া লৈলা তাৰ পদ।
কুবেৰক খেদাই লৈলা কুবেৰৰ পদ॥
আনো দেৱতাৰ যত আছে অধিকাৰ।
বলে কাঢ়ি লৈলা জিনি অসুৰ দুৰ্ব্বাৰ॥
ইন্দ্ৰ আদি কৰিয়া দেৱতা সকলক।
সবাকো মহিষে স্বৰ্গ হন্তে খেদাইলেক॥
ঘোৰ পৰাভব পাইলা সবে দেৱচয়।
পৃথিবীত ভ্ৰমে দুখে মনুষৰ নয়॥
দেৱক সদাই হিংসা কৰে দুৰাচাৰ।
নিবেদন কৰিলোহো আগত তোমাৰ॥
লৈলোহো শৰণ প্ৰভু তোমাৰ চৰণে।
চিন্তা মহিষৰ বদ্ধ আপুনাৰ মনে॥
এহি বাক্যচয় শুনি দেৱ সকলৰ।
কৰিলন্ত কোপ মধুসূদনে ডাঙ্গৰ॥
হৰেও কৰিলা কোপ আতি ভয়ঙ্কৰ।
ভ্ৰূকুতি কুটিল মুখ দেখি লাগে ডৰ॥
তাত অনন্তৰে ক্ৰোধে আতি মাধৱৰ।
মুখ হন্তে বাহিৰাইলা তেজ মহত্তৰ॥
বাহিৰাইলা তেজ আৰু ব্ৰহ্মাৰ মুখৰ।
সেহিমতে ব্যক্ত হৈলা তেজ শৰীৰৰ॥
ইন্দ্ৰ আদি কৰি আনো দেৱসকলৰ।
তেতিক্ষণে ব্যক্ত হৈলা তেজ শৰীৰৰ॥
সবে দেৱতাৰ তেজ ভৈলা একস্থান।
আতি উচ্ছ পুঞ্জ তেজ পৰ্ব্বত সমান॥
দেখে দেৱগণে তাতে সেহি তেজচয়।
জ্বলন্তে আছয় যেন কোটি সূৰ্য্যময়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫০
অসমীয়া সাহিত্যৰ চানেকি।