পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৮
অসমীয়া সাহিত্যৰ চানেকি।

হাঁ বাপু লক্ষণ তুমি কৈক গৈলা এৰি।
অভাগী দুখিনী মই ঐত ৰৈলোঁ পৰি॥
মোৰ সম পাপমতি সংসাৰত নাই।
নাৰী কুলে জন্ম ধৰি এতেক বিলাই॥

নাহিকে বন্ধু বান্ধৱ মোৰ পৰিজন।
আজি হন্তে মোৰ সঙ্গী হৈল মৃগগণ॥
হাঁ বিধি গৰ্ভ সমে দিলা বনবাস।
কিনো বজ্ৰ সম দেহা নহয় বিনাশ॥

এহি সময়ত হস্তে পাইলে হলাহল।
ভুঞ্জি বিনাশিলোঁ হয় ইদেহ দুৰ্ব্বল॥
এহি বুলি কান্দে সীতা দীৰ্ঘ ৰাৱ ছাৰি।
বস্ত্ৰ অলঙ্কাৰ সবে পেলাইলা আজুৰি॥

ৰৌদ্ৰ তাপে ঘামিলেক শৰীৰ সুন্দৰ।
চন্দ্ৰ সম মুখ ম্লান হৈলন্ত সীতাৰ॥
সেহি বেলা অৰণ্যৰ পশু পক্ষীগণ।
সীতাৰ ক্ৰন্দন শুনি আসিল সি স্থান॥

তৃণ জল নাহি ভক্ষে যত পক্ষীগণ।
মৃণাল এৰিয়া আসিলেক হংসগণ॥
ময়ূৰে পেষণ এৰি হৈলা থৰবৰ।
সবেও আসিলা সীতা দেবীৰ গোচৰ॥

ৰাজহংসগণে সীতা দেবীৰ ওচৰে।
ৰৌদ্ৰ তাপ ঢাকিলন্ত অতি দয়াতৰে॥
সেহিবেলা মলয় পৱন বহিলন্ত।
গুণ গুণ শবদে ভ্ৰমৰে ঝঙ্কাৰন্ত॥

পাখাত আনিয়া জল সিঞ্চিলা সীতাৰে।
কুহুস্বৰে প্ৰবোধে কোকিলে দয়াতৰে॥
নিজৰাৱ ধ্বনি সবে কৰন্ত বিলাপ।
হৰি হৰি আই তোক দিলা কিয় তাপ॥