পাছে অযোধ্যাৰ ভিতি চাই দেখন্ত লক্ষণ চলি যাই,
হাঁ কৈক যোৱা বুলি চেঞ্চাইবাক লৈলা।
মই অভাগিনী দুৰাচাৰী কৈতনো পেলাই যোৱা এৰি,
জানিলোঁ এবসে আমাৰ মৰণ ভৈলা॥
নাহিকে বন্ধু বান্ধৱ ভাই শশুৰ শাশুৰী ননন্দ আই,
কোনে প্ৰতিপাল কৰিবে ইতো বনত।
জানিলোঁ মোক কালে পাইলা সিহেতু লক্ষণে এৰি গৈলা,
পৰি ৰৈলোঁ পশুৰ সঙ্গত ঘোৰ অৰণ্যত॥
লক্ষণেও ফিৰি ফিৰি চান্ত সুমন্ত্ৰ সহিতে চলি যান্ত,
ক্ষণে শোকাকুল ৰথ মাঝে কান্দে পৰি।
ক্ষণে সুমন্ত্ৰও প্ৰবোধন্ত তভো শোক অগ্নি নোহে শান্ত,
ৰথে চলি যান্ত অযোধ্যাৰ দিশ ধৰি॥
এহি মতে চলে ধীৰে ধীৰে জানকীক এৰি গঙ্গাতীৰে,
ভৈলা জানকীৰ নয়নৰ অগোচৰ।
লক্ষণক নেদেখিয়া সীতা অধিকে জ্বলিল শোক চিন্তা,
পৃথিবীত পৰি কান্দে হুয়া শোকাতুৰ॥
শুনিয়োক সবে সভাসদ ইটো অশ্বমেধ পৰ্ব্বপদ,
যাহাক শুনিলে কৃষ্ণত বাঢ়ে ভকতি।
মোৰ সম নাহি মূঢ়মতি তথাপিতো কৈলো সাহ আতি,
ছোট পক্ষী হুয়া ধৰোঁ ৰাজহংস গতি॥
হেন জানি মোক ক্ষমিয়োক বঢ়াটুটা দোষ এৰিয়োক,
ধৰিয়োক ঝান্তে গোবিন্দৰ গুণ নাম।
ভণে এক মনে গঙ্গাৰাম এৰিয়োক সবে আনকাম,
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥
জৈমিনি বদতি শুনিয়োক মন কৰি।
তাত পাছে যি কৰিলা সীতা পটেশ্বৰী॥
চক্ষুৰ অন্তৰ যদি হৈলেক লক্ষণ।
কান্দিবে লাগিলা সীতা শোক কৰি মন॥