পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰুদ্ৰ ৰাম কবি।

নীতি ৰত্ন।

সুমেধা বদতি শুনা সভাসদ যত।
আত অনন্তৰে কবি বৰাহ নামত॥
ৰাজাক সম্বুধি হেন বাক্য বুলিলন্ত।
শুনা বিক্ৰমাদিত্য নৃপতি মহাসন্ত॥

পৃথিবীত হাস্যাস্পদ বোলে যিতো কথা।
তাহাৰ কাহিনী কহো শুনিয়ো সৰ্ব্বথা॥
যদি বিদ্যাৱন্ত জন থাকয় সভাত।
কাহাৰো অপক্ষ হৱে কাৰো পক্ষপাত॥

পৃথিবীত হাস্যাস্পদ নাহি তাত পৰ।
ধিক বিদ্যাৱন্ত নাম জীৱন তাহাৰ॥
যিতো জন বিদ্যাৱন্ত হোৱে আতিশয়।
সমস্ততে সমভাৱে থাকিবে লাগয়॥

তাৰ শত্ৰু মিত্ৰ কেহো নাহি পৃথিবীত।
প্ৰৱৰ্ত্তিব সমস্ততে সম কৰি চিত॥
যদি সিতো বিদ্যাৱন্ত পক্ষপাত হয়।
তাকো হাস্যাস্পদ বুলি জানিবা নিশ্চয়॥

যিতোজন মান্যৱন্ত হোৱে আতিশয়।
পৰৰ মতিয়ে যদি সৰ্ব্বত্ৰে চলয়॥
সামান্যৰ বাক্যে যদি চলয় সদাই।
তাকে হাস্যাস্পদ বুলি জানা মহাৰাই॥