পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৫
নীতি ৰত্ন

মান্যৱন্ত জন ভৈলে উত্তম কথাত।
আপোন মতিয়ে প্ৰবৰ্ত্তিব লাগে তাত॥
যদি সিতো মান্যৱন্ত সামান্যৰ বাক্যে।
তাহান আদেশে যদি সদা চলি থাকে॥

তাহাৰ কহিলোঁ কাল নিকট চাপই।
নিষ্টে এবে কহিলোঁ জানিবা মহাৰাই॥
পূৰ্ব্বে এক হস্তী এবে আছিল বনত।
অধম শৃগাল বাক্যে চলি ভৈলা হত॥

এতেকে উত্তম জন অধম বাক্যত।
যদি চলে জানিবাহা সিতো ভৈল হত॥
শুনি বিক্ৰমাদিত্য নৃপতি মহাসন্ত।
কৰযোৰ কৰি কথা কবিত সোধন্ত॥

কেন মতে শৃগালে হস্তীক কৈলা হত।
ইসব কথাক কৈয়ো আমাৰ আগত॥
পৰম গম্ভীৰ গজৰাজ বলৱন্ত।
ক্ষুদ্ৰ জন্তু শৃগাল কিমতে মাৰিলন্ত॥

ইসব কথাক কহি ছেদিয়ো সংশয়।
হেন শুনি অনন্তৰে কবি মহাশয়॥
পৰম আনন্দে আতি হৰষিত ভৈলা।
ৰাজাক প্ৰশংসি কথা কহিবাক লৈলা॥

বৰাহ বদতি শুনিয়োক মহীপাল।
যেন মতে মাতঙ্গক মাৰিলা শৃগাল॥
তাহাৰ কাহিনী কহে শুনা নৰেশ্বৰ।
এহি বুলি কহিবে লাগিলা কবিবৰ॥

আছিল তিলক কুঞ্জ নামে হস্তী এক।
এক যুথ শৃগালে তাহাঙ্ক দেখিলেক॥
হেন দেখি জম্বুকে গুণয় মনে মনে।
কেন মতে আৰ মাংস কৰিবো গ্ৰহণ॥