পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৪৬
অসমীয়া সাহিত্যৰ চানেকি

মহাসুখে থাকি বিপ্ৰ সেহি পৰ্ব্বতত ।
কৰিলা ভকতি কামাখ্যাৰ চৰণত ॥
প্ৰতিদিনে ভক্তিভাবে নানা উপচাৰে ।
কৰন্ত দেবীক পূজা পৰম সাদৰে ॥
এহি মতে কতো দিন কৰন্ত ভকতি ।
তাহান সেবাত তুষ্ট ভৈলা ভগৱতী ॥
তুষ্ট হুয়া ভগৱতী জগত জননী ।
ভৈলন্ত সাক্ষাত আসি দেবী নাৰায়ণী ॥
প্ৰতিনিতে ভগৱতী বিপ্ৰৰ আগত ।
পৰম কৃপায়ে দেবী হৱয় বেকত ॥
দেবীক দেখিয়া বিপ্ৰ আনন্দিত চিত্তে ।
প্ৰেম ভাৱে তাঙ্ক সেবা কৰে প্ৰতি নিতে ॥
এহি মতে তাতে যদি আছে বিপ্ৰবৰ ।
শুনা যেন কথা ভৈলা তাত অনন্তৰ ॥
ধৰ্ম্মপতি নামে এক আছিল নৃপতি ।
সৰ্ব্বগুণে শ্ৰেষ্ঠ কামৰূপ অধিপতি ॥
প্ৰাগল্‌ভ পুৰত জানা তাৰ নিজ পাট ।
নৰকৰ বশে যাত জগত প্ৰখ্যাত ॥
ধৰ্ম্মক পালন সিতো কৰে সৰ্ব্বকাল ।
সি কাৰণে তাহাঙ্ক বোলয় ধৰ্ম্মপাল ॥
এক দিনা গোসানীক দেখিবাক প্ৰতি ।
নীল পৰ্ব্বতক লাগি আসিলা নৃপতি ॥
আসি নীলকুটে ধৰ্মপাল মহাৰাই ।
শিৱচন্দ্ৰ ব্ৰাহ্মণক আনিলা মাতাই ॥
মাতি নিয়া পৰম সাদৰে নৃপবৰ ।
কৰিলন্ত ব্ৰাহ্মণক সন্মান বিস্তৰ ॥
নম্ৰভাৱে পাছে তান আগে নৰপতি ।
কৰযোৰে ৰহিলন্ত কৰি বহু নতি ॥
আশ্বাস বচনে পাছে নৃপ মহাশয় ।
ধীৰে ধীৰে ব্ৰাহ্মণক বচন বোলয় ॥