সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰঙ্গ নাথ দ্বিজ

আত্মপৰিচয়

আছিলা কাশ্যপ নামে ব্ৰহ্মঋষি এক।
বিদ্যাবলে জানে সৰ্ব্বশাস্ত্ৰৰ তত্ত্বক॥
জানে ভূত ভবিষ্যত আৰু বৰ্ত্তমান।
ত্ৰৈলোক্য ভিতৰে নাহি যাহাৰ সমান॥
পৰম ধাৰ্ম্মিক জানে ব্ৰহ্মতত্ব সাৰ।
অদ্যাপিও প্ৰকাশয় যশস্যা যাহাৰ॥
তাহান গোত্ৰত এক বিপ্ৰ ভৈলা জাত।
শিবচন্দ্ৰ নামে তান জগতে প্ৰখ্যাত॥
মস্তকত চন্দ্ৰ সাখ্যাততে শিব সম।
সিকাৰণে ভৈলা তান শিবচন্দ্ৰ নাম॥
ৰূপে গুণে শ্ৰেষ্ঠ সৰ্ব্ব শাস্ত্ৰত চতুৰ।
কুল কুমুদৰ মধ্য চন্দ্ৰ পটন্তৰ॥
পৰম বিশিষ্ট বিপ্ৰ কুলত প্ৰধান।
নীলাচল যাৰ নিজ আশ্ৰমৰ স্থান॥
গিৰি মধ্যে শ্ৰেষ্ঠ সিতো নীলগিৰি বড়।
ফলেফুলে জাতিস্কাৰ দেখিতে সুন্দৰ॥
অনেক মণ্ডপগণ যাহাত আছয়।
চন্দ্ৰৰ সদৃশ সবে প্ৰকাশ কৰয়॥
সৌভাগ্য আছয় তাত পাপ বিমোচন।
কামাখ্যা গোসানী আছে আনো দেৱগণ॥
সেহি পুণ্য ভূমি জানা জগতৰ সাৰ।
পৃথিবী মণ্ডলে তাৰ সম নাহি আৰ॥
দ্বিজগণ আছে তাত সবে শুদ্ধ মতি।
দুৰ্গাৰ চৰণে সদা কৰন্ত ভকতি॥