সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪০
অসমীয়া সাহিত্যৰ চানেকি।

পৰাশৰ গোত্ৰে জাত  ৰামমিশ্ৰ নামে খ্যাত,
  দিচৈ গ্ৰামে যাহাৰ বসতি।
ফুকনৰ আজ্ঞা পাই  হিত উপদেশ চাই,
  বিৰচিলা পদ যথা মতি॥

হিতোপদেশ।

জম্বুদ্বীপ হন্তে  আসি আছে শুক,
  আনি হোৱা সম্ভাষণ।
বস্ত্ৰ অলঙ্কাৰে  সন্তোষিয়া মন,
  পঠাই দিয়া এখন॥
নন্দ নৃপতিক  চানক্য মাৰিলে,
  পঠায়া তীক্ষ্ন দূতক।
শুশ্ৰূষা কৰিয়া  দূতক পঠায়া,
  সময়ন্তি কৰিয়োক॥
তাত অনন্তৰে  বিধিৱতে ৰাজা,
  কৰিলা সভা নিৰ্ম্মাণ।
দূতক পঠাই  শুক সৈন্য দুইকো,
  অনাইলা মাতি তেখন॥
আসন দিয়ায়া  পুছিলেক ৰাজা,
  আসি আছ কিবা কাজ।
হেন শুনি শুকে  কহিবে লাগিল,
  শুনিয়োক মহাৰাজ॥
জম্বুদ্বীপ পতি  আমাৰ নৃপতি,
  তেন্তে ৰাজৰাজেশ্বৰ।
আমাত কৰিয়া  আজ্ঞা কৰি আছে,
  তেহেস্তে তযু উপৰ॥