পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম মিশ্ৰ।

আত্ম পৰিচয়।

গৰগ্ৰাম নগৰৰ  ৰাজাৰ শ্বশুৰবৰ,
  নেয়োগৰ মধ্যম তনয়।
মন্ত্ৰী মাঝে অগ্ৰগণী  পক্ষীৰ গৰুড় যেনি,
  যাৰ গুণ দেশে দেশে কয়॥
দানী মানী সন্ত শিষ্ট  হৰিপৰ চিত্ত নিষ্ঠ,
  দাতা যেন ৰাধাৰ তনয়।
মন্ত্ৰণাত ৰাজধৰ  নাছিলেক যাত পৰ,
  পাত্ৰৰো নাছিল যতি পৰ॥
বৃহস্পতি বিদুৰত  মন্ত্ৰণা আছিল যত,
  সেই মন্ত্ৰ জানিবা কিঞ্চিত।
পাত্ৰ সকলৰ আগে  কহিছিলা মহাভাগ,
  নৃপতিৰ সাধি সদা হিত॥
হেন মন্ত্ৰী গৃহে আসি  লৈয়া পূৰ্ব্ব পুণ্য ৰাশি,
  কনিষ্ঠ তনয় ভৈলা জাত।
সঙ্গৰ কমল প্ৰাই  যাত পৰে আন নাই,
  ভদ্ৰসেন নামত প্ৰখ্যাত॥
হৰি পদ কমলৰ  যাৰ মুখ মধুকৰ
  মধুপানে মত্ত সৰ্ব্বদাই।
হিত উপদেশ শাস্ত্ৰ  পাৰিজাত তুল্য ইতো,
  ভ্ৰমৰ পৰিল ঘ্ৰাণ পাই॥
ৰাজনীতি কৰি ৰতি  ভদ্ৰসেন শুদ্ধ মতি,
  আদেশিলা পদ নিবন্ধনে।
দোষ গুণ পৰিহৰি  বোলা সবে হৰি হৰি,
  অল্পমতি ৰামমিশ্ৰ ভণে॥

১৩১