পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হয়গ্ৰীব মাধৱ।

সষি ধান্যদেৱ,  বলি, ভজিৰক,
  মধুকৰ অনুদিৱ।
সিদ্ধাৰ্থক আদি,  নানা উপহাৰ,
  মাধৱত সমৰ্পিব॥
হৰিৰ মন্দিৰ,  মাৰ্জ্জনাৰ ফল,
  কহোঁ শুনা বৰাণনে।
যিটো গতি পাৱে  স্ত্ৰীয়ে বা পুৰুষে,
  নিশ্চয় কৰিয়া মনে॥
হৰিৰ গৃহৰ  মৃত্তিকাৰ ধূলি,
  মাৰ্জ্জন কৰয় যত।
তাৱত হাজাৰ  বৎসৰ পূজিত,
  হোৱয় শাকদ্বীপত॥
কাষ্ঠ পাত্ৰ জল  বস্ত্ৰৰ অঞ্চল,
  বিৰিণা বন যোজন।
ইসব সহিতে  হৰিৰ গৃহক,
  নকৰিবে সন্মাৰ্জ্জন॥
ধেনুৰ গোৱৰে  আনিয়া সি স্থান,
  লিপয় আতি সাদৰে।
একবাৰ লিপি  বাৰ ফলে নৰে,
  গৰুত জনম ধৰে॥
স্নান কৰি যিটো  লিপিবাক লাগি,
  জল দেয় যত্ন কৰি।
তাহাৰ পুন্যক  কহিবো তোমাত,
  শুনিয়ো আবে শঙ্কৰী॥
লিপিবাৰ বেলা  জলৰ কণিকা,
  হোৱয় যত প্ৰমাণ।
তাৱত হাজাৰ  বৎসৰ স্বৰ্গত
  দেৱৰ লভে সম্মান॥