পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৮
অসমীয়া সাহিত্যৰ চানেকি।

যাৰা অন্য দেবতাৰ   শৰণ ভজন ছাৰি,
  কৃষ্ণতে সে শৰণ পশয়।
ইহ পৰলোকে তাৰা   কৃতাৰ্থ হৰিৰো প্ৰিয়,
  আনন্দতে বৈকুণ্ঠ চলয়॥
কহিলো তোমাত এহি    উত্তম সাত্বত তন্ত্ৰ,
  ইসে বিষ্ণু ভক্তৰ জীৱন।
সৰ্ব্বসিদ্ধি প্ৰদায়ক   শ্ৰৱণ কীৰ্ত্তন আতি,
  কৃষ্ণ ভক্তি উপজে শোভন॥
ভক্তিক লভিলে যদি   আৰ কিবা পাৱে ফল,
  যাতো হৰি হোন্ত তাত বশ্য।
ভক্তি সি সুগম পথ   পূৰে সবে মনোৰথ,
  জান ভক্তি পৰম ৰহস্য॥
সাত্বত তন্ত্ৰৰ সাৰ   সংগ্ৰহ শুনিয়ো মুনি,
  বিৰাটৰ জন্ম কৈলো যাত।
শ্ৰীবিষ্ণুৰ অৱতাৰ    পূৰ্ন্ন অঙ্গ কলা ভেদ,
  ভক্তি যোগ কহিলো তোমাত॥
ভক্তিৰ লক্ষণ মই   পৃথকে পৃথকে কৈলো,
  যুগ ধৰ্ম্ম মোহৰ সাধন।
বিষ্ণু নাম সহস্ৰেক    নামৰ মহিমা মই,
  তোমাত কৰিলো নিৰূপণ॥
বিষ্ণু নাম বৈষ্ণৱৰ   অপৰাধ নিৰোপিলো,
  তাৰো কহিলোহো প্ৰায়শ্চিত্ত।
সৰ্ব্বসাৰ ৰহস্যক    নিৰূপণ কৰিলোহো,
  তন্ত্ৰৰ কাৰণ যথোচিত॥
হিংসা বিধি নিষেধক   সকলে তোমাত কৈলো,
  তোমাৰ প্ৰশ্নৰ অনুসাৰে।
কৃষ্ণৰ একান্ত ভক্তি   তুমি মহাভাগৱত,
  তাতেসে কহিলো বাৰে বাৰে॥