যিতো মহাজনে গুৰু বাক্যক কৰয়।
ইহাকে সে গুৰু সেৱা বুলিয়ো নিশ্চয়॥
নিৰ্গুণা ভকতে কৰিবেক ভূত দয়া।
ভাগৱতী ভকতৰ নিষ্ঠা মন কায়া॥
প্ৰেমময়ী ভকতৰ প্ৰীতি বৈষ্ণৱত।
হৰিৰ যশস্যা শুনিবেক অবিৰত॥
তিনি বিধ মোক্ষ এহি সাধন ভক্তিৰ।
আৰো মুখ্য অৰ্থ কহো শুনা-মহাবীৰ॥
সৰ্ব্বমূল কৃষ্ণ পাদ পদ্মত শৰণ।
যাত মহা ভকতি শ্ৰবয় সৰ্ব্বক্ষণ॥
যেন আৱাঁ ঘটৰ যে বহি যাই জল।
শৰণ বিনাই ভক্তি তেহ্নয় বিফল॥
নাৰদ বদতি প্ৰভু শুনা গদাধৰ।
কৃষ্ণপাদ শৰণক কহিয়ো সত্বৰ॥
যাত বিনে ভকতি কৰিয়ো পাৱে শ্ৰম।
কিমত শৰণ তাক কৰা নিৰূপণ॥
শুনিয়োক সৰ্ব্বজনে কৰি এক মন।
লভি আছা নৰতনু আতি অঘটন॥
মহাপুৰুষাৰ্থ ইতো সাধে নৰকায়।
কিন্তু ক্ষণ ভঙ্গ ইতো নৰহে সদায়॥
হেন সময়ত আত্মকাৰ্য্য সাধিয়োক।
সম্ভত বিশ্বাসে কৃষ্ণ কথা শুনিয়োক॥
মোৰ বাক্য বুলি উপহাস নকৰিকা।
শাস্ত্ৰত আছয় জানি কথাক মানিবা॥
মনে অবগাহি আকে কৰি আছো সাৰ।
শ্ৰৱণ কীৰ্ত্তন বিনে নেদেখো নিস্তাৰ॥
মোহ ভৰসা এহি মানে সে জনিবা।
কৃপাময় কৃষ্ণে জানি আকে মোক দিবা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৫
সাত্বত তন্ত্ৰ।
৫২
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/33/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu/page46-932px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu.jpg)