সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৯
গুৰুলীলা ৷

তাত নবহিলা ভক্তে আনি দিলা,
 কুশৰ কঠ পাৰিয়া।
সভাক সৎকাৰ কৰি ৰাৰম্বাৰ,
 বসিলা হৰি স্মৰিয়া।
ভকত সকলে কঠ ঢৰ পাৰি
 প্ৰভুৰ পাশে বসিলা।
সিবেলাত যেন সমস্যাৰ লোক,
 বজ্ৰ পড়ি ঝিম গৈলা॥
সবেও তবধ হুয়া নিশবদ,
 আছে যেতে কতক্ষণ৷
পাছে নৱৰায় সভাক শুনাই,
 গম্ভীৰে বোলে বচন॥
শুনা গুৰু জন আমাৰ বচন,
 পুছিয়ো দামোদৰত।
দুৰ্গাৰ পূজাক জাহ্নবীত স্নান,
 নকৰে কোন দোষত॥
ৰাগ যোগ ব্ৰত এড়িল সমস্ত,
 লক্ষ্মী পূজা নকৰয়।
আন শিক্ষা ধৰি লোকেয়ো আচৰি,
 কৰ্ম্মত ভ্ৰষ্ট হোৱয়।
এতেক বুলিয়া মৌন ভৈলা ৰজা,
 সভাসদে শুনি আছে।
বুজাৰ ৰচন শুনি সেহিক্ষণ,
 বাগীশে মাতিলা পাছে।
শুনা মহান্ত ৰজায়ে পুছন্ত
 কেনে নেদা প্ৰত্যুত্তৰ।
দেবীক পূজন তীৰ্থক সেবন,
 প্ৰসিদ্ধ ইটো লোকৰ।

{[বাওঁ|১০২}}