পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৭
গুৰুলীলা ৷

শুনা সভাসদ দামোদৰ পদ,
 শ্ৰদ্ধায়ে শুনিয়ে আক।
পৰম অমৃত দামোদৰ কথা,
 তেবে পাবা বৈকুণ্ঠক॥
কলিত সম্প্ৰতি নাই আন গতি,
 শ্ৰৱণ কীৰ্ত্তন বিনা।
সন্ত সেবা কৰি আন কথা এড়ি,
 তথা হৰি কথা শুনা॥
আপুনিয়ো তৰা পুৰুষ উদ্ধাৰা,
 এড়ি সবে আন কাম।
উৰ্দ্ধ বাহু কৰি মুখ ভৰি ভৰি,
 ডাকি বোলা ৰাম ৰাম॥

পদ।

এহি মতে কত দিন আছন্ত তথাত।
পৰম আনন্দে মন মগ্ন ভৈলা তাত॥
দামোদৰ চৰণত কৰিয়া বন্দন।
কাকুতি কৰিয়া পাছে বুলিলা বচন॥
শুনিয়োক প্ৰভু দেৱ স্বৰূপ বচন।।
লোণ চাউল গুৱা পাণ আছে কিছুমান॥
স্বৰ্ণ জালুকাদি কৰি আনিছো যতেক।
আজ্ঞা কৰিয়োক দ্ৰব্য কত তুলিবেক॥
হেন শুনি দামোদৰে বুলিলা বচন।
যি কিছু আনিছা নাৱে থাকোক এখন॥
বংশীয়ে গৈলন্ত পাছে শঙ্কৰৰ খান।
বিয়েলি প্ৰসঙ্গে বসিচন্ত বিদ্যমান॥
বংশীদেৱ দ্বিজ মহা পৰম উদাৰ।
শঙ্কৰেও তাঙ্ক দেখি কৰিলা সাদৰ॥
তাহাঙ্ক দেখিয়া প্ৰসঙ্গক সাম্বৰিলা।
কিসক আসিলা বুলি শঙ্কৰে পুছিলা॥