পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৬
অসমীয়া সাহিত্যৰ চানেকি ৷

এহি শিক্ষা দিয়া দামোদৰ তথা,
 ৰহস্য মন্ত্ৰক দিলা।
পৰম তত্ত্বক তাহান আগত,
 শীল শিক্ষা প্ৰকাশিলা॥
ভক্তি ভক্ত জানা ভগৱন্ত এক,
 বস্তু কৰিবাহা সাৰ।
এহি শিক্ষা ধৰি ধৰ্ম্ম আচৰিবা,
 নাহি বস্তু আতপৰ॥
পৰম ৰহস্য তত্ত্বক লভিয়া,
 হৰিষ ভৈলেক মন।
পৰম সাদৰে দামোদৰ পাৱে
 বংশী কৰিলা প্ৰণাম॥
হৰিষে লোতক বহে নয়নৰ,
 শৰীৰ ৰোমাঞ্চ ভৈলা।
তথা হন্তে উঠি অবনত হুই,
 আসনে আসি বসিলা॥
বংশী সঙ্গে তথা যতেক মনুষ্য,
 সবেয়ো শৰণ লৈলা।
দামোদৰে পাছে ভক্ত সমে তথা,
 উঠিয়া গৃহক গৈলা॥
তথা হন্তে বংশী বাসাঘৰে গৈ,
 ভোজন কৰিলা ৰঙ্গে।
ভোজন কৰিয়া আনন্দ লভিয়া,
 বসি ভকতৰ সঙ্গে॥
ভক্ত সমন্বিতে কৃষ্ণ কথা চৰ্চ্চি,
 হৰিষে বসি থাকন্ত।
প্ৰসঙ্গে বসিয়া এহি মতে তৈত,
 হৰি কথা সুমৰম্ভ॥