পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬২
অসমীয়া সাহিত্যৰ চানেকি।

দ্ৰুপদৰ সুত ধৃষ্টদ্যুম্ন বীৰ সাৰ।
তাকে দশ শৰ ঘোৰ কৰিলা প্ৰহাৰ॥
আপুন ভাগিন দুই মাদ্ৰীৰ তনয়।
দুইকো দশ দশ শৰ হানিলা দুৰ্জ্জয়॥

দ্ৰৌপদীৰ পাঞ্চ পুত্ৰ শ্ৰীখণ্ডি সহিতে।
তাসম্বাকো দশ দশ হানিলন্ত দ্ৰুতে॥
ভাগিন গণক লাগি হৃদয়ত মৰ্ম্ম।
তথাপিতো নেৰে ৰাজা আপোনাৰ ধৰ্ম্ম