পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬১
মহাভাৰত—শল্যপৰ্ব্ব।

পাণ্ডব দলৰ শনাইত তীক্ষ শৰে।
কৌৰবৰ সেনাগণ মাৰি নিৰন্তৰে॥
স্বৰ্গৰ আনন্দ ভৈল কৌৰবৰ দল।
পাণ্ডব অগনি বেঢ়ি দহয় সকল॥

যেন বৃদ্ধ গৰু আছে পঙ্কে হুয়া তল।
উঠিবাক লাগি নাহি শৰীৰত বল॥
পাণ্ডব পঙ্কত পৰে কুৰু সেহি মতে।
তাঙ্ক উদ্ধাৰিতে শল্যে গৈলেক ত্বৰিতে॥

হাতে ধনু ধৰি খেদি আসে মদ্ৰেশ্বৰ।
সহস্ৰ সংখ্যাত শৰ কৰয় প্ৰহাৰ॥
শৰবীৰ্য্যে প্ৰজাগণ পৰিল বহুত।
চাহিয়া আছয় ধৰ্ম্মৰাজা কুন্তীসুত॥

সিবেলাত অনেক মিলিল অমঙ্গল।
পৰ্ব্বত সহিতে ভূমি কৰে তলবল॥
সূৰ্য্য মণ্ডলক দেখি উল্কা অসংখ্যাত।
অগ্নিবৰ্ণ হুয়া আসি পৰয় তথাত॥

কুৰু পাণ্ডবৰ ঘোৰ দেখিয়া অহিত।
শৃগালে আতাস পাৰে শুনি বিপৰীত॥
ডাকিনী যোগিনী পিশাচিনী প্ৰেতগণে।
হুলস্থুল কৰিয়া জ্বয়ৱ ৰঙ্গ মনে॥

অনেক উৎপাত বন্ধ প্ৰবৰ্ত্তিল তয়।
অন্ধক ৰাজাত কথা কহন্ত সঞ্জয়॥
আকৰ্ণ পৰিয়া কৰি আঝুৰিয়া ধনু।
মদ্ৰেশ্বৰে প্ৰহাৰ কৰয় পুনু পুনু॥

সুবৰ্ণ পঞ্জিয়া শনাইত শৰগণে।
গাৱে গাৱে সেনাপতি ভেদিলেক টানে॥
প্ৰথমতে ধৰ্ম্ম নৃপতিক দশ বানে।
ভীমকো কৰিলা দশ সায়ক সন্ধানে॥