মৰিলেও ঘোৰ নৰকত হোৱে ঠাই।
কোটি কোটি জন্মত তাহাৰ গতি নাই॥
এতেকে অমৰ দেৱী পূজা কৰো জানি।
ঈশ্বৰৰ আজ্ঞা সিতো আছে বেদবাণী॥
শঙ্কৰে বোলন্ত পাছে মাধৱক চাই।
শুনিয়োক কহোঁ মই শাস্ত্ৰ অভিপ্ৰাই॥
ঋষিগণে কৰি ইতো বেদক বাখানে।
নিজ অৰ্থ ভকতিক ত্যজি বুঝে আনে॥
তপ জপ যজ্ঞ কৰি ব্ৰাহ্মণকো চাড়ে।
পূণ্যক্ষয় ভৈলে দুনাই নৰকত পড়ে॥
বেদমতে কৰ্ম্ম যদি অচিত্ৰে কৰয়।
অৰ্পণ নভৈলে একো ফল নধৰয়॥
যদি ফল পাৱে তাৰো আছয় বিনাশ।
মহন্ত সকলে আত নকৰে বিশ্বাস॥
যজ্ঞ কৰি ধৰি আনি পশুক কাটয়।
পশুৰ ৰুধিৰে মহী কৰ্দ্দম কৰয়॥
যদি এহি জন কৰে স্বৰ্গক গমন।
নৰকত তেবে পড়িবে কোন জন॥
বলি কাটি যিতো অন্য দেৱ পূজা কৰে।
হাতে অস্ত্ৰ ধৰি অন্তকালে লাগধৰে॥
চুম্পি ধৰি তাকো কাটি কৰে খণ্ড খণ্ড।
পূৰ্ব্ব শক্ৰ স্মৰি কৰে প্ৰাণান্তিক দণ্ড॥
যি কাৰ্য্যে কাটয় বলি তাতো নাই আশ।
তম নৰকত চিৰকাল কৰে বাস॥
সংসাৰত আয়াযাত নুগুচে জীৱৰ।
এতেকে প্ৰবৃত্ত পথ পৰম দুষ্কৰ॥
শুনিয়া মাধৱে পাছে বুলিলা বচন।
পুৰাণে আগমে কহে কৰ্ম্ম সে প্ৰধান॥
৯৪