হেন মনে গুণি যান্তে সমীপ পাইলন্ত।
বসি আছে শঙ্কৰ মাধৱে দেখিলন্ত॥
শৰীৰৰ জ্যোতিঃ দেখি শিহৰিল গাৱ।
মনত বোলন্ত কিনো তেজৰ প্ৰভাৱ॥
শঙ্কোচিত ভৈল গাৱ ৰূপ দৰশনে।
কৰিলা প্ৰণাম পৰি শঙ্কৰ চৰণে॥
ৰামদাসে প্ৰণামিলা পড়ি চৰণত।
শঙ্কৰে বোলন্ত বসিয়োক আসনত॥
হেন শুনি দুয়ো ৰঙ্গে বসিলা আসনে।
শঙ্কৰে পুছিলা পাচে মধুৰ বচনে॥
এহেন্তে মাধৱ জানো মহাসুবিনীত।
দেখিলতে মেহোৰ হৰিষ কৰে চিত॥
কিবা কাৰ্য্যে দুয়োজন আসি আছা হেথা।
শুনিবাক উৎসুক কহিয়ো মোত কথা॥
শুনিয়া মাধৱে পাণ তাম্বুলক লৈলা।
সম্ফুৰাত কৰি শঙ্কৰৰ আগে দিলা॥
পুনঃ নমস্কাৰ কৰি বসিলা আসনে।
কহিবে লাগিল কথা মধুৰ বচনে॥
শৰত কালত পূজা সমস্তে কৰয়।
পূৰ্ব্বহন্তে ইটো বিধি নিয়ম আছয়॥
বেদ আজ্ঞা লঙ্ঘিলেত মহাপাপ হয়।
অৱশ্যেকে সিতো ঘোৰ নৰকে পৰয়॥
বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক।
নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক॥
দুৰাচাৰ ভৈলে শৰীৰৰ নাহি শুদ্ধি।
দিনে দিনে পাপত মলিন হয়ে বুদ্ধি॥
পিতৃ মাতৃ তাৰ জল পিণ্ড নলৱয়।
পশু যেন বৃথা সিতো জীৱন ধৰয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩২৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪৪
অসমীয়া সাহিত্যৰ চানেকি ৷