পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৩
বংশীগোপাল চৰিত্ৰ।

শ্লোক টিকা শঙ্কৰ পাঠক উচ্ছৰয়।
পাছে প্ৰতিপদে তাৰ ব্যাখ্যাক কৰয়॥
আবৰিয়া বহুলোকে শুনিয়া আছিলা।
মহাজন সবে দেখি আশ্চৰ্য্য বুলিলা॥
এমন কথাক নতু দেখি নতু শুনি।
নপঢ়িয়া ভাগৱত কহয় আপুনি॥
বহুকাল বহুবাৰ পঢ়ে ভাগৱত।
ততো তাৰ অৰ্থ নপাৱয় ভালমত॥
ছোট বনমালী আতা অল্প বয়সত।
সিংহ হেন ব্যাখ্যা কৰে শ্ৰীভাগৱত॥
বিস্ময় দেখিয়া দেৱ গোপালে বোলয়।
সামান্য লোকত ইটো কথা নঘটয়॥
কোন বা পৰম যোগী সিদ্ধ আসিলেক।
যোগভ্ৰষ্ট হুয়া আসি মানুষ ভৈলেক॥
কৃষ্ণৰ কৃপাত পুনু ভাগৱত কহে।
জানো চিৰকালে দেই ৰহে ৰা নৰহে॥
এহি বুলি আশৰ্ব্বাদ দিলন্ত বিস্তৰ।
আনো বহুকথা আছে দেৱ গোপালৰ॥