দ্বাৰকা লক্ষ্মণ মধুসূদন শ্ৰীহৰি।
কমল লোচন জগন্নাথ জয়হৰি॥
নিত্যানন্দ গোপাল গোবিন্দ জয়ৰাম।
মধুহৰি বল্লভ গকুল পৰ্শুৰাম॥
বিষ্ণু সনাতন ৰাম শ্ৰীনিৰঞ্জন।
যদুৰায় দামোদৰ আনো ভক্তগণ॥
সবে কৰ্ম্ম কৰন্তে পাঞ্চকো নধৰিবা।
মোহোৰ সঙ্গত পাঞ্চ বসিয়া থাকিবা॥
এহি বুলি পাঞ্চকো দিলন্ত দ্ৰব্যচয়।
সবে বৈষ্ণৱকো পাছে দিলা মহাশয়॥
হস্ত তুলি হৰি ধ্বনি দিলা বাৰম্বাৰ।
একেথানে সবাকো কৰিলা নমস্কাৰ॥
সবে বৈষ্ণৱৰ মনে আনন্দ মিলিলা।
পুনু পুনু প্ৰেমত দেৱক প্ৰণামিলা॥
মধ্য কৰি প্ৰভুক আবৰি থাকা বসি।
প্ৰসঙ্গ পাতিয়া ভাগৱত পিয়া বসি॥
শ্ৰীভাগৱত মিশ্ৰে নানা স্বৰ তুলি।
ভক্তিৰস আনন্দত মজিয়া সমূলি॥
পৰমাৰ্থ ৰস চালি কহে ভাগৱত।
বৈষ্ণৱ সবৰ মনে পশয় অৰ্থত॥
সনাতনে দুয়ো বেলা পদক পঢ়য়।
নিশা হৈলে বিপ্ৰ নিৰঞ্জনে শুনাৱয়॥
দেৱ গোপালৰ সদা প্ৰেম আতি ঝড়ে।
আনন্দতে নয়নৰ লোতক নিগড়ে॥
যত ভক্ত সত্ৰৰ আনোবা যত হয়।
সৰ্ব্বলোকে এক মহা আশ্চৰ্য্য দেখয়॥
দেৱ ভাগৱত মিশ্ৰে ভাগৱত কহে।
দেৱ বনমালীৰ কণ্ঠত সবে ৰহে॥
আগে ভাগৱত শুনি থাকে সাৱধানে।
সবে খানি পাছে আসি কৰে বিদ্যমানে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩০৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২২
অসমীয়া সাহিত্য চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/33/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu/page303-932px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu.jpg)