সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯০
অসমীয়া সাহিত্যৰ চানেকি।

এবে কৃপাময়  তোহ্মাৰ চৰণে,
  শৰণ লৈলোঁ সম্প্ৰতি।
তৃণয় সাগৰে  পৰি তল যাওঁ,
  ৰাখা ৰাখা যদুপতি॥
কহে অনিৰুদ্ধ  পৰম মুগুধ,
  বিষয়ত সদা মতি।
হে কৃষ্ণ প্ৰাণ  কৰা মোক ত্ৰাণ,
  তোহ্মাত বাঢ়োক ৰতি॥

ৰাগ বেলোৱাৰ।

 হৰি হৰি কিনো ভৈল বিপৰ্য্যয়।
পণ্ডিত সকলো  শাস্ত্ৰ মত এড়ি,
  আপুন সম্মত কয়॥
চাৰিয়ো যুগৰ  চাৰি গোটা ধৰ্ম্ম,
  শাস্ত্ৰে থৈয়া আছে বাটি।
তাহাক খণ্ডিয়া  পৰৰ গাৱত,
  লগায়া ফুৰয় ঘাটি॥
ঘোৰ কলিকালে  একে গোটা ধৰ্ম্ম,
  কৃষ্ণৰ কীৰ্ত্তন মাত্ৰ।
তাকে বাদ কৰি  মলিন মনুষ্যে,
  হৈবে ভকতিৰ পাত্ৰ॥
কলিৰ মলত  মজিল সকল,
  লোক ভৈল পাপমতি।
কোন ভক্তি কৰি  তৰিবে শাস্ত্ৰত,
  বিচাৰি নকৰে ৰতি॥
সকলে সেৱাত  শ্ৰেষ্ঠ কৰি শাস্ত্ৰে,
  কীৰ্ত্তনক কহে মাত্ৰ।
সেৱাতো উত্তম  যুগৰৰ নায়ক,
  নাহি কাল দেশ পাত্ৰ॥