পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৯
গীত।

দুই লক্ষ প্ৰহৰ উৰ্দ্ধে ইন্দু প্ৰকাশয়।
অধত কুমুদ গোষ্ঠী প্ৰফুলিত হয়॥
ইন্দুৰ নিৰ্য্যানে কুমুদৰো প্ৰাণ হৰে।
কাকো কেহো নেদেখিলে তিলেকতে মৰে॥

নিকটে বিদূৰ হোৱে বিদূৰো নিকট।
সুহৃদ ভাৱনা ভৈলে দেখে হৃদয়ত॥
এতেকে যি জন আতি হোৱে বিচক্ষণ।
বিহীনে সুহৃদ সুখে নধৰে জীৱন॥

কহে অনিৰুদ্ধ পাপী পৰম পামৰ।
দেখা দিয়ো দামোদৰ কৰোহো কাতৰ॥


ৰাগ বড়াৰি

মই পাপী কমনে ভজিবা হৰিৰ চৰণ॥
বাসনা নছাৰে মনে, কনক কামিনী।
ৰূপে বন্দি ভৈলোঁ, কৰিয়া মহা যতনে॥

মহাজন সবে,  কালকৰ্ম্ম ভোগ,
  জানিয়া ধৈৰ্য্য ৰহয়।
তাহাকো এৰিয়া  আপুন সম্মতে;
  ফুৰো মই দুৰাশয়॥
কামিনী সবৰ  হাস লাস দেখি,
  মনে ৰতি বাঢ়ি যাই।
বিচাৰ বিবেক  সকলে তেজিলোঁ,
  সম্যকে বাতুল প্ৰাই॥
যাক মহাজনে  বিষ্ঠা সমকৰি,
  দূৰতে তেজিয়া যাই।
তাকে লাগি যত্ন  কৰো ৰাতি দিনে,
  অনেক লাঞ্ছনা পাই॥

৮৭