সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৭
গীত।

জীৱৰ বিষয়  শ্ৰৱণ কীৰ্ত্তন,
  ভক্তেসে সুহৃদ জন।
ভক্তৰ সঙ্গত  সৰ্ব্বক্ষণে ৰমে,
  শ্ৰৱণ কৰি কীৰ্ত্তন॥
ভাৰ্য্যা পুত্ৰ সব  দেহৰ সঙ্গীয়া,
  তাতে সে কৰিয় ৰতি।
মায়া শয্যা মাজে  নিদ্ৰাত পৰিয়া,
  নেদেখি হৰি ভকতি॥
কৃষ্ণ চৰণৰ  অনুগ্ৰহ ভৈল,
  যিতো পুৰুষক প্ৰতি।
তেবেসে ঈশ্বৰ  কৃষ্ণত কৰিবে,
  সস্নেহ প্ৰেম ভকতি॥
ভকতি বিহীন  জীৱন্ততে মৰা,
  ভাটিৰ যেন নিশ্বাস।
পশুৰ সুলত  ইন্দ্ৰিয়ৰ সুখ,
  তাতে সে কৰস আশা॥
যেন প্ৰতিবিম্ব  শৰীৰ দেখিয়া,
  পাসৰে নিজ শৰীৰ।
প্ৰতিবিম্ব সম  নৰদেহ পাই,
  মনে কৰিলেক ঠিৰ॥
নিজ দেহ সম  জীৱক আগতে,
  নেদেখে মন লোচনে।
হৰি ভক্তি বিনে  জীৱৰো কুশল,
  নাই জানা সৰ্ব্বজনে॥
কহে অনিৰুদ্ধ  মহামুক প্ৰায়ে,
  ভকতি বিহীন মন।
ইবাৰ কৰুণা  কৰিয়োঁ গোপাল,
  চৰণে লৈলো শৰণ॥