পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৬
অসমীয়া সাহিত্যৰ চানেকি।

ধন জন ক্ষেত্ৰ  বিষয় সুখত,
  আনন্দ মানে অধিক।
যদ্যপি বিষয়  ভুঞ্জিবে নুৱাৰে,
  তাতে ৰতি অত্যন্তিক॥
হৰি চৰণত  শৰণ পশিয়া,
  নকৰ যাৱে ভকতি।
কালৰ হাতত  এড়াইবেক লাগি,
  আছয় কাৰ শকতি॥
কৃষ্ণৰ চৰণে  ভকতি বিহীন,
  হুয়া মুখে লৱ মতি।
কহে অনিৰুদ্ধ  ইবাৰ কৰুণা,
  কৰা মোক যদুপতি॥

  এ মনক মনে পাৰস নিন্দ।
মায়া শয্যা মাঝে  মজিয়া আছস,
  জাগিয়া চিত্ত গোবিন্দ॥
যেন সোপনত  শৰীৰ ধৰিয়া,
  ভ্ৰমে জীৱ ঠাই ঠাই।
সেহি শৰীৰত  সুখ দুঃখ পায়া,
  বিষয় ভুঞ্জে সদাই॥
সেহি মতে জীৱ  শয্যাৰ শৰীৰ,
  তাক বিস্মৰিয়া যাই।
স্বপ্ন তনু সম  নবদেহ পায়া,
  সুখ মান তাকে পাই॥
গুৰু চৰণৰ  অনুগ্ৰহ লভি,
  যেমনে চেতন পাৱে।
স্বপ্ন প্ৰায় ইতো  শৰীৰ পাসবে,
  স্বৰূপ সুমৰি ৰাৱে॥