ক্ষণেকে জিহ্বাৰ তোৰ নহিকে উচিত।
যাদব পাণ্ডৱ মধ্যে হৈলি সনিন্দিত॥
যেতিক্ষণে কেশত ধৰিয়া টানি আনি।
কাটিলি দ্ৰোণৰ শিৰ চন্দ্ৰহাস হানি॥
সেহিক্ষণে স্বৰ্গ হন্তে নৰকে দুৰ্ঘোৰ।
ভৈল পাত দুই সাত পুৰুষ যে তোৰ॥
সূৰ্য্যক চাহিবে লাগে তোৰ মুখ চাই।
দৰশনে পাপগণ তেবেসে এৰাই॥
তই যদি গুৰুক নিন্দস আৰবাৰ।
তেবে গুৰুতৰ গদা কৰিয়া প্ৰহাৰ॥
শত খণ্ড কৰিয়া ভাঙ্গিয়া শিৰখুলি।
পঠাই দিবো পাছে যম সদনক বুলি॥
হেন শুনি ধৃষ্টদ্যুম্নে বোলে হাসি হাসি।
দেখি কেনমতে গদা প্ৰহাৰয় আসি॥
পূৰ্ব্বাপৰে জানো তই কেন মত শূৰ।
ভুৰিশ্ৰবা ভাৱনা কৰিলা কালি চূৰ॥
চুলি ধৰি হৃদয়ত লাঠিৰ প্ৰহাৰ।
ভূমিত পৰিয়া মাৰিলেক বাৰম্বাৰ॥
তথাপিতো আপোনাক বোলাৱস কাজী।
কালিৰ কাহিনি তই পাসৰিলি আজি॥
হেনয় স্বভাৱ আছে ইতৰ জনৰ।
অল্পকো বিস্তৰ দোষ দেখয় পৰৰ॥
পূৰ্ব্বত সমান পাপ যদি আচৰয়।
তথাপিতো আপোনাৰ দোষ নেদেখয়॥
ভুৰিশ্ৰবা উপৰক তুলিয়া খাণ্ডাক।
কেশত ধৰিয়া তোক চাইলা কাটিবাক॥
হেন দেখি ধনঞ্জয় মাৰি দিব্য শৰ।
প্ৰহাৰিয়া খাণ্ডা সমে কাটিলেক কৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২২৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪৫
দ্ৰোণ পৰ্ব্ব।
